এছিয়ান গেমছলৈ অসমৰ ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব অসমৰ অমৰজিতে। অসমৰ উদীয়মান ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহই আগন্তুক এছিয়ান গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। জাপানৰ নাগোয়া আৰু আইচি চহৰত ১৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেগা ক্ৰীড়া সমাৰোহখনত অমৰজিতে পুৰুষৰ দলগত আৰু ৰেগু শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব।

কাছাৰ জিলাৰ নয়াগ্ৰাম গাঁৱৰ অমৰজিতসহ ২৫ জনীয়া ভাৰতীয় দলটো কাইলৈ নতুন দিল্লীৰ পৰা জাপানলৈ ৰাওনা হ’ব। দলটোত ১২ জন পুৰুষ আৰু ৯ গৰাকী মহিলা খেলুৱৈৰ লগতে পুৰুষ-মহিলাৰ দুগৰাকীকৈ প্ৰশিক্ষক আছে।

উল্লেখ্য যে, অমৰজিতে থাইলেণ্ডত অনুষ্ঠিত ২০২৫ আৰু ২০২৬ চনৰ কিংছ কাপ ছেপাকটাক্ৰ’ বিশ্ব চেম্পিয়নশ্বিপত এটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ২০২৪ চনত কাঠমাণ্ডুত অনুষ্ঠিত পঞ্চম দক্ষিণ এছিয়ান ছেপাকটাক্ৰ’ চেম্পিয়নশ্বিপত দুটা স্বৰ্ণপদক আৰু ২০২৫ চনত কুৱালালামপুৰত অনুষ্ঠিত ইছটাক ছেপাকটাক্ৰ’ এছিয়ান কাপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

আগন্তুক এছিয়ান গেমছত অমৰজিতৰ পৰা উন্নত প্ৰদৰ্শনৰ আশা কৰিছে অসম ছেপাকটাক্ৰ’ সন্থাই। সন্থাৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা, সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিছাসহ সমূহ সদস্যই খেলুৱৈগৰাকীক শুভেচ্ছা জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...