বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পূজালৈ মাজত মাত্ৰ কেইটামান দিন। বিশ্বকৰ্মা পূজাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। পূজাৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বৃদ্ধি পাইছে মৃৎ শিল্পীসকলৰ মাজতো। দিন-ৰাতি একাকাৰ কৰি বিশ্বকৰ্মাৰ মৃণ্ময় প্ৰতিমাত পৰশ দি প্ৰাণ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকল।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ নলতলীৰ শুভাশীষ শিল্পালয়তো এতিয়া দেখা গৈছে ভীষণ ব্যস্ততা। শিল্পালয়খনৰ স্বত্বাধিকাৰী উত্তম পাল বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে। বিগত বহু বছৰ ধৰি মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি অহা উত্তম পালে এইবাৰ প্ৰায় ১২০টা বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণ কৰিছে। মূৰ্তিসমূহ নিৰ্দিষ্ট সময়ত গ্ৰাহকৰ হাতত তুলি দিবলৈ শিল্পীগৰাকীৰ সৈতে মুঠ ১২গৰাকী কৰ্মচাৰীয়ে দিনে-নিশাই কাম কৰি আছে।
কেৱল কলিয়াবৰতে নহয়, বিশ্বকৰ্মা পূজাক কেন্দ্ৰ কৰি ডিমৌতো দেখা গৈছে ৰাইজৰ মাজত ব্যাপক উচাহ। ডিমৌৰ দিহাজানত মৃৎ শিল্পী মণি পালে নিৰ্মাণ কৰিছে প্ৰায় ৫০টা বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তি। ৭৫ বছৰীয়া মণি পালে ১৫ বছৰ বয়সৰ পৰাই মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আহিছে। দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে এতিয়া বিশ্বকৰ্মাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত শিল্পীগৰাকী। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই প্ৰতিমাসমূহ ডিমৌ আৰু ইয়াৰ কাষৰীয়া বিভিন্ন স্থানত বিক্ৰি কৰা হ’ব।
ইফালে, বিশ্বকৰ্মা পূজাক লৈ বোকাখাততো মৃৎ শিল্পীসকলৰ ব্যস্ততা তুংগত উঠিছে। বোকাখাতৰ মা শিল্পালয়ৰ মৃৎ শিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এটাৰ পাছত আনটো বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি। বিভিন্ন আকাৰৰ মৃণ্ময় প্ৰতিমাক সাকাৰ ৰূপ দিয়াত দিনে-নিশাই ব্যস্ত হৈ পৰিছে শিল্পীসকল।
মা শিল্পালয়ৰ স্বত্বাধিকাৰী শ্যামল পালে এইবাৰ প্ৰায় ২০ৰ পৰা ৩০টা বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰিছে। বিশ্বকৰ্মা পূজাৰ বাবে ইতিমধ্যে বিভিন্ন স্থানৰ পৰা আহিছে প্ৰতিমাৰ অৰ্ডাৰ। বোকাখাতৰ বিভিন্ন গহনাৰ দোকান, গেৰেজৰ লগতে বাছ মালিকসকলেও বিশ্বকৰ্মাৰ প্ৰতিমাৰ বাবে অৰ্ডাৰ দিয়া বুলি জানিবলৈ দিছে শিল্পীগৰাকীয়ে।
অৱশ্যে সকলো সামগ্ৰীৰে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে মৃৎ শিল্পতো। পূৰ্বৰ তুলনাত এইবাৰ প্ৰতিমাৰ মূল্য কিছু বৃদ্ধি হোৱা বুলি জানিবলৈ দিছে শিল্পালয়ৰ স্বত্বাধিকাৰীয়ে। তথাপি পৰম্পৰাগতভাৱে বিশ্বকৰ্মাৰ পূজা উদযাপনৰ বাবে প্ৰতিমা নিৰ্মাণৰ কামত কোনো ধৰণৰ খামতি ৰখা নাই শিল্পীসকলে।
বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ আৰাধনাৰ বাবে এতিয়া সাজু হৈছে ৰাজ্য। আৰু পূজালৈ দিন চমু চাপি অহাৰ লগে লগে মৃৎ শিল্পীসকলৰ ব্যস্ততাও ক্ৰমাৎ বৃদ্ধি পাইছে।
