হৃদয়বিদাৰক…কপিকুলেও বুজে মাতৃৰ মমতা; দুৰ্ঘটনাত নিহত মাতৃক এৰি নগ’ল কণমানি বান্দৰ পোৱালিয়ে

নুমলীগড়ৰ দৈগ্ৰোঙত সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা। এখন বাহনৰ খুন্দাত এজনী মাইকী বান্দৰ মৃত্যু হোৱাৰ পিছতে ঘটনাস্থলীত দেখা গ’ল আপোনজনক হেৰুওৱাৰ বেদনাদায়ক দৃশ্য।

দৈগ্ৰোং অঞ্চলত কণমানি পোৱালিসহ বিচৰণ কৰি থকা অৱস্থাতে এখন বাহনৰ খুন্দাত মৃত্যু হয় বান্দৰজনীৰ। ইয়াৰ পিছতে বহু সময় ধৰি মৃত বান্দৰজনীৰ কাষত পোৱালিটোৰ লগতে আন এটা বান্দৰে পহৰা দি থাকে।

মাতৃক হেৰুৱাই পোৱালিটোৱে সৃষ্টি কৰে হাহাকাৰ। আনহাতে, মৃত বান্দৰজনীৰ কাষত থকা বান্দৰটোৱে উপস্থিত থকা লোকক আক্ৰমণ কৰি ত্ৰাসৰ সৃষ্টি কৰে।

খবৰ পাই ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। অৱশেষত বন বিভাগে মৃত বান্দৰজনীক উদ্ধাৰ কৰি লৈ যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...