ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন কিশোৰ গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ডিমৌ নদীৰ কাষত ঢেঁকীয়া বিচাৰিবলৈ যোৱাৰ সময়তে কিশোৰজনক আক্ৰমণ কৰে নাহৰফুটুকীটোৱে। আক্ৰমণত কিশোৰজনৰ মুখমণ্ডলত আঁচোৰ লাগে। লগতে গাল আৰু কাণতো বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ।

ঘটনাৰ পিছতে আহত কিশোৰজনক প্ৰথমে চিকিৎসাৰ বাবে লৈ যোৱা হয় পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (AMCH) প্ৰেৰণ কৰা হয়।

ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয়। বনৰক্ষীয়ে গুলী ফুটুৱাই নাহৰফুটুকীটোক অঞ্চলটোৰ পৰা খেদি পঠোৱাৰ চেষ্টা চলায়।

উল্লেখ্য যে, বনাঞ্চলৰ পৰিসৰ সংকুচিত হোৱা আৰু মানুহৰ বসতি বনাঞ্চলৰ কাষলৈ সম্প্ৰসাৰিত হোৱাৰ ফলত বিগত সময়ছোৱাত মানুহ আৰু বন্যজীৱ-জন্তুৰ সংঘাতৰ ঘটনা বৃদ্ধি পাইছে। খাদ্য আৰু বাসস্থানৰ সন্ধানত বন্যজীৱ জনাঞ্চললৈ ওলাই অহাৰ ফলত এনে সংঘাতে কেতিয়াবা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

খোৱাঙৰ এই ঘটনাৰ পিছত স্থানীয় ৰাইজৰ মাজত নাহৰফুটুকীটোক লৈ আতংক বৃদ্ধি পাইছে। বন বিভাগে পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ লগতে বন্যজীৱ আৰু মানুহৰ সংঘাত ৰোধৰ বাবে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...