অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো দ্বিধা নকৰাকৈ অসমৰ পৰম্পৰাগত আৰু জনপ্ৰিয় খাদ্য মাছৰ টেঙাৰ নাম ল’লে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে।
গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ শুভাৰম্ভ অনুষ্ঠানত তেওঁক অসমলৈ অহা লোকসকলে কি খাদ্য উপভোগ কৰা উচিত বুলি সোধাত গাভাস্কাৰে কয়, “When you arrive in Assam, there’s a tangy fish curry — Masor Tenga. That is delicious, absolutely delicious.”

গাভাস্কাৰে নিজৰ সাগৰীয় খাদ্যৰ সৈতে থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে এসময়ত তেওঁ সাগৰীয় খাদ্যৰ প্ৰতি এলাৰ্জিক আছিল যদিও ক্ৰিকেট কেৰিয়াৰ শেষ কৰাৰ পিছতে তেওঁ নিৰ্বিঘ্নে সাগৰীয় খাদ্য উপভোগ কৰিব পাৰিছিল।
অসমৰ মাছৰ টেঙাৰ সোৱাদ যে তেওঁৰ মনত গভীৰভাৱে ৰৈ গৈছে, সেই কথাও প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। “That fish stays with you even when you are in Mumbai,” বুলি মন্তব্য কৰি তেওঁ জনায় যে মুম্বাইত থাকিও কেতিয়াবা পত্নীক একেধৰণৰ মাছৰ ব্যঞ্জন প্ৰস্তুত কৰিবলৈ কয়।
অনুষ্ঠানত উপস্থিত বিদেশী আঁত ধৰোঁতাজনকো গাভাস্কাৰে অসম এৰাৰ পূৰ্বে মাছৰ টেঙা এবাৰ হ’লেও সোৱাদ ল’বলৈ পৰামৰ্শ দিয়ে।
মাছৰ টেঙা অসমৰ অন্যতম পৰম্পৰাগত আৰু জনপ্ৰিয় ব্যঞ্জন। সাধাৰণতে ভাতৰ সৈতে পৰিৱেশন কৰা এই পাতল জোলজাতীয় মাছৰ আঞ্জাখনৰ মূল বৈশিষ্ট্য হৈছে ইয়াৰ টেঙা সোৱাদ। টমেটো, ঔটেঙা, তেঁতেলীজাতীয় শুকান উপাদান বা নেমুৰ দৰে বিভিন্ন উপাদান ব্যৱহাৰ কৰি ইয়াক টেঙা কৰা হয়।
গাভাস্কাৰৰ এই খাদ্যপ্ৰশংসা আহিল গুৱাহাটীক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ মানচিত্ৰত স্থান দিয়াৰ লক্ষ্যৰে আয়োজিত এক বৃহৎ ক্ৰীড়া অনুষ্ঠানৰ শুভাৰম্ভত।
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হ’ব ২০২৭ চনৰ ৭ ফেব্ৰুৱাৰীত। প্ৰায় ১২,০০০ গৰাকী প্ৰতিযোগীয়ে দেশ-বিদেশৰ পৰা অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গাভাস্কাৰৰ উপস্থিতিত মাৰাথনখন আনুষ্ঠানিকভাৱে ঘোষণা কৰে। অনুষ্ঠানটো PMG Sports LLP-এ আয়োজন কৰিছে।
মাৰাথনৰ আৰম্ভণি আৰু সমাপ্তি হ’ব ঐতিহাসিক জজেছ ফিল্ডত। প্ৰতিযোগীসকলে গুৱাহাটী বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু আইআইটি গুৱাহাটীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্থান অতিক্ৰম কৰিব।
প্ৰথম সংস্কৰণত থাকিব ৪২.১৯৫ কিলোমিটাৰৰ ফুল মাৰাথন, ২১.০৯৭ কিলোমিটাৰৰ হাফ মাৰাথন, ১০ কিলোমিটাৰ, ৫ কিলোমিটাৰ আৰু ১.৫ কিলোমিটাৰৰ দৌৰ।
মুঠ ১.২৫ কোটি টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰা হৈছে। ইয়াৰ ফলত দেশৰ অন্যতম গুৰুত্বপূৰ্ণ পুৰস্কাৰধাৰী ৰোড ৰেচ হিচাপে মাৰাথনখনে দেশ-বিদেশৰ অভিজ্ঞ দৌৰবিদ, এলিট এথলীট আৰু ফিটনেছপ্ৰেমীক আকৰ্ষণ কৰাৰ আশা কৰা হৈছে।
ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধু হ’ব গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ ব্ৰেণ্ড এম্বেছেডৰ।
ইফালে, মাৰাথনৰ পঞ্জীয়ন ১১ ছেপ্টেম্বৰ, ২০২৬ৰ পৰা মুকলি হ’ব।
হাজাৰ হাজাৰ দৌৰবিদক গুৱাহাটীলৈ আদৰণি জনোৱাৰ প্ৰস্তুতি চলি থকাৰ মাজতে সুনীল গাভাস্কাৰৰ মন্তব্যই অনুষ্ঠানটোত এক সুকীয়া ৰং যোগ কৰিলে—অসমক জানিবলৈ কেৱল ইয়াৰ প্ৰকৃতি আৰু ক্ৰীড়াই নহয়, অসমৰ সোৱাদো অনুভৱ কৰিব লাগিব।
