UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত উজ্জ্বল সাফল্য অৰ্জন কৰিলে মৰিয়নী পুখুৰীয়াৰ নাংমু বুঢ়াগোহাঁইয়ে। ৯৯.৩৪ শতাংশ নম্বৰ লাভ কৰি যুৱতীগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ।

মাত্ৰ এবছৰ পূৰ্বে পিতৃক হেৰুৱাইছিল নাংমুৱে। পিতৃৰ বিয়োগৰ পিছত পৰিয়ালটোৰ দায়িত্ব আহি পৰে মাতৃৰ কান্ধত। পৰিয়ালটোক পোহ-পাল দিবলৈ মাতৃয়ে গাটানি প্লাইউড কাৰখানাত শ্ৰমিক হিচাপে কাম কৰি জীৱন-জীৱিকা চলাই আহিছে।

আৰ্থিক প্ৰত্যাহ্বান আৰু পাৰিবাৰিক কঠিন পৰিস্থিতিৰ মাজতো অধ্যয়নৰ প্ৰতি মনোযোগ হেৰুৱাব দিয়া নাছিল নাংমুৱে। সীমাবদ্ধতাক বাধা হিচাপে নলৈ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু দৃঢ় মনোবলেৰে আগবাঢ়ি গৈছিল তেওঁ।

অৱশেষত সেই অধ্যৱসায়ৰেই প্ৰতিফলন ঘটিল UGC NET ২০২৬ৰ ফলাফলত। ৯৯.৩৪ শতাংশ নম্বৰ লাভেৰে পৰীক্ষাত সফলতা অৰ্জন কৰি নাংমুৱে প্ৰমাণ কৰিলে—পৰিস্থিতি যিমানেই প্ৰতিকূল নহওক, দৃঢ় সংকল্প আৰু অধ্যৱসায় থাকিলে সফলতাৰ বাট মুকলি কৰিব পাৰি।

নাংমু বুঢ়াগোহাঁইৰ এই সাফল্য কেৱল তেওঁৰ নিজৰ বাবেই নহয়, কঠিন পৰিস্থিতিৰ মাজতো শিক্ষাৰ সপোন দেখা বহু শিক্ষাৰ্থীৰ বাবেও এক অনুপ্ৰেৰণাৰ কাহিনী হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...