ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো’ এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে জিলা প্ৰশাসনে। ১০ ছেপ্টেম্বৰত বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ১২গৰাকী ছাত্ৰই হাতত আঘাত পোৱাৰ ঘটনাৰ পাছতে এই তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

উপলব্ধ তথ্য অনুসৰি, এজন ছাত্ৰই পেঞ্চিলৰ চাৰ্পনাৰৰ ব্লেড ব্যৱহাৰ কৰি নিজৰ হাতত আঁচোৰ মাৰি আঘাত কৰাৰ চেষ্টা চলোৱাৰ পাছতে আন কেইবাগৰাকী ছাত্ৰই সেই আচৰণ অনুসৰণ কৰাৰ চেষ্টা কৰে। কিছুমান ছাত্ৰই স্কেলৰ টুকুৰা আদিৰেও একেধৰণৰ আচৰণ কৰিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।

ঘটনাটো বিদ্যালয় কৰ্তৃপক্ষৰ নজৰলৈ অহাৰ পাছতে ছাত্ৰসকলক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰা হয়। পৰিস্থিতি যাতে অধিক জটিল নহয়, তাৰ বাবে বিদ্যালয় আৰু প্ৰশাসনৰ তৰফৰ পৰা তৎপৰতা গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ বিষয়া, অতিৰিক্ত প্ৰশাসনিক বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

ইফালে, ঘটনাটোৰ সবিশেষ অনুসন্ধানৰ বাবে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ে আনুষ্ঠানিক তদন্তৰ নিৰ্দেশ দিছে। ১০ ছেপ্টেম্বৰত সংঘটিত ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক স্মৃতি কবিতা ডেকাক তদন্তৰ দায়িত্ব দিয়া হৈছে। সাত দিনৰ ভিতৰত তদন্তৰ সম্পূৰ্ণ প্ৰতিবেদন জিলা আয়ুক্তক দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদন্তত জিলা শিশু সুৰক্ষা বিষয়াইও প্ৰয়োজনীয় সহায় আগবঢ়াব।

বৰ্তমান বিদ্যালয়খনৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে। ছাত্ৰসকলৰ মানসিক অৱস্থা বুজি লোৱাৰ লগতে পুনৰ যাতে এনে ঘটনা সংঘটিত নহয়, তাৰ বাবে কাউন্সেলিঙৰ ব্যৱস্থা কৰাৰ কথাও বিদ্যালয় কৰ্তৃপক্ষই জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...