২৮ হাজাৰ কোটি টকাৰ চাইবাৰ জালিয়াতিৰ সন্দেহত অধিবক্তাক গ্ৰেপ্তাৰ EDৰ

প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বেংকিং লেনদেনৰ সৈতে জড়িত বুলি সন্দেহ কৰা দেশজোৰা চাইবাৰ জালিয়াতি আৰু ‘ডিজিটেল এৰেষ্ট’ চক্ৰৰ তদন্তৰ মাজতে মুম্বাই বিমানবন্দৰৰ পৰা অধিবক্তা ৰশেশ উপাধ্যায় ওৰফে ৰশেশ শ্বাহক গ্ৰেপ্তাৰ কৰিছে বলৱৎকাৰী সঞ্চালকালয়ে (ED)। এই গোচৰত গ্ৰেপ্তাৰ হোৱা তেওঁ সপ্তমজন অভিযুক্ত।

শনিবাৰে দিল্লী অভিমুখী বিমানত উঠিবলৈ লোৱাৰ সময়তে ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত EDৰ গোৱাস্থিত শাখাই তেওঁক আটক কৰে। পিছত তেওঁক পানাজীলৈ নি PMLAৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ২৯ অক্টোবৰলৈকে EDৰ জিম্মালৈ প্ৰেৰণ কৰে।

২০২৫ চনৰ ৯ জুনত গোৱা আৰক্ষীয়ে এগৰাকী মহিলাৰ ২.৬০ কোটি টকা ‘ডিজিটেল এৰেষ্ট’ প্ৰৱঞ্চনাৰ জৰিয়তে আত্মসাৎ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল। EDৰ তদন্ত অনুসৰি, প্ৰৱঞ্চনাৰ ধন প্ৰায় ৪০০টা ‘মিউল বেংক একাউণ্ট’ৰ জৰিয়তে স্থানান্তৰ কৰা হৈছিল। এই একাউণ্টসমূহৰ সৈতে পণ্য ব্যৱসায়, ভ্ৰমণ আৰু বৈদেশিক মুদ্ৰা বিনিময়ৰ সৈতে জড়িত কিছুমান কোম্পানীৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে।

EDৰ মতে, সন্দেহযুক্ত চক্ৰটোৱে প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বেংকিং লেনদেন কৰিছিল আৰু ইয়াৰে ২,৯০০ কোটিৰো অধিক টকা নগদ ধন হিচাপে জমা কৰা হৈছিল। তদন্তকাৰীসকলে ২০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত পঞ্জীয়ন হোৱা ১৬০টাতকৈও অধিক FIR আৰু ৩০০ৰো অধিক ভুক্তভোগীৰ অভিযোগৰ সৈতে এই নেটৱৰ্কৰ সম্পৰ্ক বিচাৰি পাইছে। এই অভিযোগসমূহত ৪০০ কোটি টকাৰো অধিক লোকচানৰ কথা উল্লেখ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...

শ্ৰীভূমিত বিহু শিল্পীৰে মাৰপিটক লৈ উত্তাল অসম; দোষীক শাস্তিৰ দাবী

বৰাক উপত্যকাৰ শ্ৰীভূমিত প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি বিহু শিল্পীৰ...

‘আপোনালোকৰ অট্টালিকাত বোমা আছে’ ! এদিনৰ ছুটী পাবলৈ ভুৱা ভাবুকিৰে ই-মেইল প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ

দিল্লীৰ এখন বিদ্যালয়ত এদিনৰ ছুটী লাভ কৰাৰ উদ্দেশ্যে এগৰাকী...