১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব শক্তিশালী মহিলা গোট ‘অপৰূপা’ৰ উদ্যোগত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান। এই উপলক্ষে অনুষ্ঠিত এখন সংবাদমেলত গোটটোৰ বিষয়ববীয়াসকলে অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে সদৰী কৰে।

অনুষ্ঠানত ৩০ গৰাকী কৰ্কট ৰোগীক ‘অপৰূপা মহীয়সী যুঁজাৰু নাৰী বঁটা’ প্ৰদান কৰা হ’ব। বঁটাৰ লগতে প্ৰতিগৰাকী ৰোগীলৈ ১০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়াব ‘অপৰূপা’ই। কৰ্কট ৰোগৰ সৈতে যুঁজি থকা মহিলাসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ সাহস আৰু সংগ্ৰামক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই অনুষ্ঠানত বলীউডৰ মোহময়ী অভিনেত্ৰী অনিতা ৰাজ উপস্থিত থাকিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শক্তিশালী মহিলা গোট ‘অপৰূপা’ই বিগত কেইবাবছৰ ধৰি কৰ্কট ৰোগৰ সজাগতা সৃষ্টি আৰু ৰোগবিধ প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

ইয়াৰ উপৰি পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ’ব ‘প্ৰয়াত নিপন গোস্বামী সোঁৱৰণী বঁটা’। এই বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ ভিতৰত আছে ক্ৰীড়াবিদ অলি ডেকা, অভিনেত্ৰী জেৰিফা ৱাহিদ, মাধুৰীমা চৌধুৰী, নৃত্যশিল্পী কমল নাথ আৰু উদয় শংকৰ।

আনহাতে, বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা কেইবাটাও প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডো ১ নৱেম্বৰত অনুষ্ঠিত হ’ব। সামাজিক দায়বদ্ধতা, নাৰী শক্তিৰ স্বীকৃতি আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ‘অপৰূপা’ৰ বিষয়ববীয়াসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...

২৮ হাজাৰ কোটি টকাৰ চাইবাৰ জালিয়াতিৰ সন্দেহত অধিবক্তাক গ্ৰেপ্তাৰ EDৰ

প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বেংকিং লেনদেনৰ সৈতে জড়িত...