BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব ছি জিনপিং অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত ভাৰত ভ্ৰমণ কৰিব। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮সংখ্যক BRICS সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতিগৰাকী। চীনৰ বৈদেশিক মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই কথা নিশ্চিত কৰে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত শ্বী জিনপিঙ নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনত অংশগ্ৰহণ কৰিব।

শ্বী জিনপিঙৰ ভাৰত ভ্ৰমণক লৈ বিগত কেইবাদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই চীনে এই ঘোষণা কৰে। ইয়াৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে ছিৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত কোনো নিশ্চিত তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছিল।

২০২০ চনৰ গালৱান উপত্যকাৰ সংঘাতৰ পাছত ভাৰত-চীনৰ সম্পৰ্কত সৃষ্টি হোৱা শীতলতাৰ মাজত শ্বী জিনপিঙৰ এই ভ্ৰমণ বিশেষ গুৰুত্বপূৰ্ণ। গালৱান সংঘাতত ২০গৰাকী ভাৰতীয় সেনা জোৱান নিহত হৈছিল। সংঘাতত চীনৰো সেনা নিহত হৈছিল।

২০১৯ চনত চেন্নাইৰ সমীপৱৰ্তী মহাবলিপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনানুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ পাছত এইবাৰেই প্ৰথম ভাৰতলৈ আহিব শ্বী জিনপিঙ। ইয়াৰ পূৰ্বে ২০১৪ চনত ভাৰত ভ্ৰমণ কৰাৰ লগতে ২০১৬ চনত গোৱাত অনুষ্ঠিত BRICS সন্মিলনতো অংশ লৈছিল তেওঁ।

ইফালে, চলিত মাহতে কিৰ্গিস্তানত অনুষ্ঠিত এক আঞ্চলিক সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদী আৰু শ্বী জিনপিঙৰ মাজত চমু সাক্ষাৎ হৈছিল।

শ্বী জিনপিঙৰ ভাৰত ভ্ৰমণৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰালয়ে দুয়োখন দেশক “প্ৰতিযোগী নহয়, অংশীদাৰ” হিচাপে অভিহিত কৰে। লগতে দুয়োখন দেশে ইজনে-সিজনৰ উন্নয়নত ভাবুকিৰ পৰিৱৰ্তে সুযোগ হিচাপে কাম কৰা বুলি মন্তব্য কৰে।

BRICS সন্মিলনৰ সময়ত মোদী-শ্বী জিনপিঙৰ মাজত সম্ভাব্য দ্বিপাক্ষিক আলোচনাৰ ওপৰতো বিশেষ নজৰ থাকিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...

IIT গুৱাহাটীৰ বিশেষ সফলতা: কচু গছ আৰু ‘জিগ-জেগ’ প্ৰযুক্তিৰে পশুপালন ফাৰ্মৰ প্ৰদূষিত পানী শোধনৰ অভিনৱ উপায়

পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ...