দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় কেবিনেটে ২০,৮০৪ কোটি টকা ব্যয় সাপেক্ষে ৰে’ল মন্ত্ৰালয়ৰ ৮টা প্ৰকল্পত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট বৈঠকত ৯খন ৰাজ্যত ২০,৮০৪ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ৮টা ৰে’ল মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পসমূহে প্ৰায় ১,১৯৬ কিলোমিটাৰ ৰে’লপথ সামৰি ল’ব। প্ৰকল্পসমূহৰ জৰিয়তে ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে বৰ্তমানৰ পথসমূহত যানজঁট হ্ৰাস আৰু যাত্ৰী তথা মালবাহী ৰে’লৰ দ্ৰুত চলাচল সম্ভৱ হ’ব। ২০২৯-৩০ চনৰ ভিতৰত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনোৱা অনুসৰি, অনুমোদিত প্ৰকল্পসমূহৰ ভিতৰত আৰাক্কোনাম–ৰেনিগুণ্টা তৃতীয় আৰু চতুৰ্থ ৰে’লপথ ৭৭ কিলোমিটাৰ, হোৱাইটফিল্ড–বাংগাৰাপেট তৃতীয় আৰু চতুৰ্থ লাইন ৪৭ কিলোমিটাৰ, হোছুৰ–অ’মালুৰ ১৪৭ কিলোমিটাৰ ৰে’লপথ দ্বৈতকৰণ, ছালেম–কাৰুৰ–ডিণ্ডিগুল ১৫৯ কিলোমিটাৰ দ্বৈতকৰণ আৰু ছেকেন্দ্ৰাবাদ (ঘাটকেছৰ)–কাজীপেট ১১০ কিলোমিটাৰ মাল্টি-ট্ৰেকিং প্ৰকল্প অন্যতম।

তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাত ৰূপায়ণ হ’বলগীয়া এই প্ৰকল্পসমূহে প্ৰায় ২,১২১খন গাঁও আৰু ৫২ লাখ লোকক উন্নত ৰে’ল যোগাযোগৰ সুবিধা প্ৰদান কৰিব বুলি চৰকাৰে জানিবলৈ দিছে।
ইয়াৰ ফলত তিৰুপতি, কোলাৰ গোল্ড ফিল্ডছ, হোগেনাক্কাল জলপ্ৰপাত, মেট্টুৰ বান্ধ, ক’ডাইকানাল, ছাথিয়ামঙ্গলম বন্যপ্ৰাণী অভয়াৰণ্য, যাদাদ্ৰি মন্দিৰ, ভোংগিৰ দুৰ্গ আদি পৰ্যটনস্থলীলৈ যোগাযোগো অধিক সুচল হ’ব।
ইফালে, পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ১৪খন জিলাক সামৰি আন ৩টা মাল্টিট্ৰেকিং ৰে’ল প্ৰকল্পতো অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ১০,৭০০ কোটি টকাৰো অধিক আৰু ইয়াৰ জৰিয়তে প্ৰায় ৬৫৬ কিলোমিটাৰ ৰে’লপথ নেটৱৰ্কত সংযোজন হ’ব। এই ৩টা প্ৰকল্প হৈছে খড়গপুৰ–ঝাৰছুগুড়া পথত চতুৰ্থ ৰে’ললাইন, কাটনী–পেণ্ড্ৰা ৰোড পথত চতুৰ্থ ৰে’ললাইন আৰু বিলাসপুৰ–পেণ্ড্ৰা ৰোড পথত তৃতীয় ৰে’ললাইন।
ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে ৰে’লপথৰ ক্ষমতা বৃদ্ধি পোৱাৰ ফলত যাতায়াত ব্যৱস্থা, কাৰ্যকৰী দক্ষতা আৰু ভাৰতীয় ৰে’লৱেৰ সেৱাৰ নিৰ্ভৰযোগ্যতা যথেষ্ট উন্নত হ’ব। ব্যস্ত ৰে’লপথসমূহত যানজঁট হ্ৰাস কৰাৰ লগতে ৰে’ল চলাচল অধিক সুচল আৰু নিয়মীয়া কৰাতো এই প্ৰকল্পসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ইয়াৰ উপৰি চৰকাৰে দেশৰ ৭টা উচ্চ-ঘনত্বৰ ৰে’ল কৰিড’ৰক চাৰিলেন আৰু কোৱাড্ৰুপলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত গোল্ডেন কোৱাড্ৰিলেটাৰেলৰ ৪টা -দিল্লী–মুম্বাই, মুম্বাই–চেন্নাই, চেন্নাই–কলকাতা আৰু কলকাতা–দিল্লী আৰু ইয়াৰ ৩টা ডায়েগ’নেল কৰিড’ৰ দিল্লী–চেন্নাই, মুম্বাই–কলকাতা আৰু দিল্লী–গুৱাহাটী অন্তৰ্ভুক্ত।
এই কৰিড’ৰসমূহে মিলি ৰে’লৱেৰ প্ৰায় ১১,০০০ কিলোমিটাৰ নেটৱৰ্ক সামৰি লৈছে। ইয়াৰে প্ৰায় ২,০০০ কিলোমিটাৰ পথত ইতিমধ্যে চাৰিলেনযুক্ত ৰে’লপথৰ কাম সম্পূৰ্ণ হৈছে। নতুনকৈ অনুমোদিত প্ৰকল্পসমূহৰ জৰিয়তে দেশৰ উচ্চ-ঘনত্বৰ ৰে’ল নেটৱৰ্কৰ ক্ষমতা বৃদ্ধি আৰু ৰে’ল পৰিবহণ ব্যৱস্থাৰ সামগ্ৰিক দক্ষতা উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে।
আনহাতে, মুম্বাই–আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পৰ সন্দৰ্ভতো মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনায় যে অহা বছৰৰ পৰা বুলেট ট্ৰেইন সেৱা আৰম্ভ হ’ব। তেওঁ কয় যে কৰিড’ৰটোৰ নিৰ্মাণকাৰ্য দ্ৰুতগতিত আগবাঢ়িছে। প্ৰাথমিক পৰ্যায়ত গুজৰাটৰ ছুৰাটৰ পৰা বাপীলৈ প্ৰায় ১০০ কিলোমিটাৰ পথত বুলেট ট্ৰেইন সেৱা মুকলি কৰা হ’ব।
ৰে’লপথ সম্প্ৰসাৰণৰ এই প্ৰকল্পসমূহ পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ, ছত্তীশগড়, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানা। এই ৯খন ৰাজ্যত ৰূপায়ণ কৰা হ’ব।
কেৱল যাত্ৰী পৰিবহণেই নহয়, কয়লা, চিমেণ্ট, লোহা-তীখা, খাদ্যশস্য, পেট্ৰ’লিয়াম সামগ্ৰী, সাৰ, কণ্টেইনাৰ আৰু অটোম’বাইলৰ দৰে সামগ্ৰী পৰিবহণতো এই প্ৰকল্পসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি ৰে’ল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
