৭ বছৰৰ পিছত ভাৰতলৈ চীনৰ ৰাষ্ট্ৰপতি! প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকৰ সম্ভাৱনা

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শনিবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা। ১২ আৰু ১৩ ছেপ্টেম্বৰত ভাৰতৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক BRICS নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণৰ বাবে তেওঁ ভাৰতলৈ আহিব পাৰে। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া BRICS সন্মিলনৰ সময়তে দুয়োগৰাকী নেতাৰ দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা আছে। অৱশ্যে এই সন্দৰ্ভত ভাৰত আৰু চীন কোনো এখন দেশৰ পক্ষই এতিয়ালৈ আনুষ্ঠানিক ঘোষণা কৰা নাই।

১৫ জুন ২০২০ চনৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত মুখামুখি বৈঠকত মিলিত হ’ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। ইয়াৰ পূৰ্বে কিৰ্গিজস্তানৰ বিশকেকত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা (SCO) সন্মিলনতো দুয়োগৰাকী নেতাই একেলগে মঞ্চত উপস্থিত আছিল। সেই সময়ত মোদী আৰু জিনপিঙে কৰমৰ্দন কৰিছিল যদিও কোনো আনুষ্ঠানিক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱা নাছিল।

বৈঠক অনুষ্ঠিত হ’লে LACত শান্তি-স্থিৰতা, সীমান্ত পৰিস্থিতি, বাণিজ্য, বিনিয়োগ আৰু আঞ্চলিক সহযোগিতা আদি বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। গালৱান সংঘৰ্ষৰ পিছত ভাৰত-চীন সম্পৰ্কত সৃষ্টি হোৱা দীঘলীয়া উত্তেজনা আৰু কূটনৈতিক দূৰত্বৰ মাজত প্ৰস্তাৱিত এই বৈঠকক যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে দেখা হৈছে।

ইফালে, জিনপিঙৰ সম্ভাৱ্য ভাৰত ভ্ৰমণ সাত বছৰৰ পিছত তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ আন্দোলনৰ প্ৰস্তুতি, আজি বৈঠকত বহিব ইণ্ডিয়া মিত্ৰজোঁট

দুৰ্গাপূজা শেষ হোৱাৰ পিছতে পুনৰ আন্দোলনৰ বাবে সাজু হৈছে...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...