৭ বছৰৰ পিছত ভাৰতলৈ চীনৰ ৰাষ্ট্ৰপতি! প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকৰ সম্ভাৱনা

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শনিবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা। ১২ আৰু ১৩ ছেপ্টেম্বৰত ভাৰতৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক BRICS নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণৰ বাবে তেওঁ ভাৰতলৈ আহিব পাৰে। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া BRICS সন্মিলনৰ সময়তে দুয়োগৰাকী নেতাৰ দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা আছে। অৱশ্যে এই সন্দৰ্ভত ভাৰত আৰু চীন কোনো এখন দেশৰ পক্ষই এতিয়ালৈ আনুষ্ঠানিক ঘোষণা কৰা নাই।

১৫ জুন ২০২০ চনৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত মুখামুখি বৈঠকত মিলিত হ’ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। ইয়াৰ পূৰ্বে কিৰ্গিজস্তানৰ বিশকেকত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা (SCO) সন্মিলনতো দুয়োগৰাকী নেতাই একেলগে মঞ্চত উপস্থিত আছিল। সেই সময়ত মোদী আৰু জিনপিঙে কৰমৰ্দন কৰিছিল যদিও কোনো আনুষ্ঠানিক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱা নাছিল।

বৈঠক অনুষ্ঠিত হ’লে LACত শান্তি-স্থিৰতা, সীমান্ত পৰিস্থিতি, বাণিজ্য, বিনিয়োগ আৰু আঞ্চলিক সহযোগিতা আদি বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। গালৱান সংঘৰ্ষৰ পিছত ভাৰত-চীন সম্পৰ্কত সৃষ্টি হোৱা দীঘলীয়া উত্তেজনা আৰু কূটনৈতিক দূৰত্বৰ মাজত প্ৰস্তাৱিত এই বৈঠকক যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে দেখা হৈছে।

ইফালে, জিনপিঙৰ সম্ভাৱ্য ভাৰত ভ্ৰমণ সাত বছৰৰ পিছত তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...