সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ ইনষ্টা ৰীল প্ৰতিযোগিতা; কেনেকৈ অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত?

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে আয়োজন কৰিছে বিশেষ ইনষ্টা ৰীল প্ৰতিযোগিতা।

সুধাকণ্ঠৰ গীতৰ আধাৰত নিৰ্মাণ কৰা ইনষ্টা ৰীলক লৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ ৰীলৰ বাবে আগবঢ়োৱা হ’ব ২ লাখ টকাৰ পুৰস্কাৰ। দ্বিতীয় শ্ৰেষ্ঠ ৰীলৰ বাবে ডেৰ লাখ আৰু তৃতীয় শ্ৰেষ্ঠ ৰীলৰ বাবে ১ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব।

ইয়াৰ উপৰি বিচাৰকৰ বিশেষ ৰীল হিচাপে নিৰ্বাচিত ১৫টা ৰীলৰ প্ৰতিটোৰ বাবে আগবঢ়োৱা হ’ব ২৫ হাজাৰকৈ টকা।

প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে কেইবাটাও নিয়ম নিৰ্ধাৰণ কৰা হৈছে। ৰীলসমূহ মৌলিক আৰু অংশগ্ৰহণকাৰীৰ নিজা সৃষ্টিশীল কৰ্ম হ’ব লাগিব। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে মাত্ৰ এটা ৰীলহে জমা দিব পাৰিব। ৰীলত কোনো কপিৰাইটযুক্ত সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।

প্ৰতিযোগিতাৰ বাবে সুধাকণ্ঠৰ মুঠ ২৭টা নিৰ্দিষ্ট গীতহে ব্যৱহাৰ কৰিব পাৰিব। ৰীলৰ ফাইল কেৱল MP4 ফৰ্মেটত জমা দিব লাগিব।

অংশগ্ৰহণকাৰীৰ বয়স ১৬ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব। বিশ্বৰ যিকোনো ভাষাত ৰীল নিৰ্মাণ কৰিব পাৰিব যদিও ৰীলত ইংৰাজী ছাবটাইটেল থকাটো বাধ্যতামূলক।

উল্লেখ্য যে, এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে কোনো পঞ্জীয়ন মাচুল নাথাকে। প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ, ২০২৬।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...