সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ ইনষ্টা ৰীল প্ৰতিযোগিতা; কেনেকৈ অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত?

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে আয়োজন কৰিছে বিশেষ ইনষ্টা ৰীল প্ৰতিযোগিতা।

সুধাকণ্ঠৰ গীতৰ আধাৰত নিৰ্মাণ কৰা ইনষ্টা ৰীলক লৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ ৰীলৰ বাবে আগবঢ়োৱা হ’ব ২ লাখ টকাৰ পুৰস্কাৰ। দ্বিতীয় শ্ৰেষ্ঠ ৰীলৰ বাবে ডেৰ লাখ আৰু তৃতীয় শ্ৰেষ্ঠ ৰীলৰ বাবে ১ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব।

ইয়াৰ উপৰি বিচাৰকৰ বিশেষ ৰীল হিচাপে নিৰ্বাচিত ১৫টা ৰীলৰ প্ৰতিটোৰ বাবে আগবঢ়োৱা হ’ব ২৫ হাজাৰকৈ টকা।

প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে কেইবাটাও নিয়ম নিৰ্ধাৰণ কৰা হৈছে। ৰীলসমূহ মৌলিক আৰু অংশগ্ৰহণকাৰীৰ নিজা সৃষ্টিশীল কৰ্ম হ’ব লাগিব। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে মাত্ৰ এটা ৰীলহে জমা দিব পাৰিব। ৰীলত কোনো কপিৰাইটযুক্ত সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।

প্ৰতিযোগিতাৰ বাবে সুধাকণ্ঠৰ মুঠ ২৭টা নিৰ্দিষ্ট গীতহে ব্যৱহাৰ কৰিব পাৰিব। ৰীলৰ ফাইল কেৱল MP4 ফৰ্মেটত জমা দিব লাগিব।

অংশগ্ৰহণকাৰীৰ বয়স ১৬ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব। বিশ্বৰ যিকোনো ভাষাত ৰীল নিৰ্মাণ কৰিব পাৰিব যদিও ৰীলত ইংৰাজী ছাবটাইটেল থকাটো বাধ্যতামূলক।

উল্লেখ্য যে, এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে কোনো পঞ্জীয়ন মাচুল নাথাকে। প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ, ২০২৬।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...

ট্ৰাম্পৰ অদ্ভুত প্ৰস্তাৱ গুগললৈ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ নাম সলনি কৰি ‘ট্ৰাম্প অ’চেন’ ৰখাৰ পৰিকল্পনা

মানচিত্ৰত নিজৰ নাম জিলিকোৱাৰ পৰিকল্পনা! আটলাণ্টিক মহাসাগৰৰ নাম সলনি...

পুৰণি শত্ৰুতাৰ ভয়ংকৰ পৰিণতি; যুৱকক গাড়ীৰ খিৰিকীত হাত আবদ্ধ কৰি চলালে গাড়ী, কানপুৰত যুৱকৰ কৰুণ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰৰ হনুমন্ত বিহাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত...