থানাৰ চৌহদত জ্ঞানৰ ভঁৰাল; অসম আৰক্ষীৰ অভিনৱ পদক্ষেপ

অসম আৰক্ষীৰ এক বিশেষ পদক্ষেপ। আৰক্ষী থানাৰ চৌহদতে স্থাপন কৰা হৈছে পুথিভঁৰাল। গুৱাহাটীৰ পানবজাৰ আৰক্ষী থানাৰ চৌহদত স্থাপন কৰা এই পুথিভঁৰালটো। অসমৰ ভিতৰতে আৰক্ষী থানাৰ চৌহদত স্থাপন কৰা প্ৰথমটো পুথিভঁৰাল হিচাপে পৰিগণিত হৈছে।

কেৱল আৰক্ষী বিষয়া-কৰ্মচাৰীৰ বাবেই নহয়, সাধাৰণ পাঠক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবেও মুকলি থাকিব এই পুথিভঁৰাল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ অহা লোকেও ইয়াত আহি বিভিন্ন বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰিব পাৰিব।

বিশেষকৈ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পুথিভঁৰালটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। সাহিত্য, ইতিহাস, সমাজ, সংস্কৃতিৰ লগতে বিভিন্ন বিষয়ৰ গ্ৰন্থ ইয়াত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ উপৰি, আইন সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ গ্ৰন্থও পুথিভঁৰালটোত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ-ছাত্ৰী তথা আগ্ৰহী পাঠকে আইন আৰু আইনী বিষয়সমূহৰ বিষয়ে প্ৰাথমিক জ্ঞান আহৰণ কৰিব পৰাকৈ এই কিতাপসমূহ সহায়ক হ’ব।

আৰক্ষী থানাৰ পৰিৱেশৰ সৈতে পুথিভঁৰালৰ দৰে এক শৈক্ষিক আৰু জ্ঞানচৰ্চাৰ পৰিৱেশ সংযোজনৰ এই পদক্ষেপে আৰক্ষী আৰু সমাজৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে যুৱ প্ৰজন্মক পঢ়া-শুনাৰ প্ৰতি উৎসাহিত কৰিব বুলিও আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...