স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো চলি আছে গোচৰ প্ৰক্ৰিয়া। ফাষ্টট্ৰেক আদালতত অব্যাহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাৰ গোচৰ। পৰীক্ষিত শৰ্মাৰ পাছত আজি ছিংগাপুৰৰ দ্বিতীয়গৰাকী প্ৰবাসী অসমীয়া হাজিৰ ফাষ্টট্ৰেক ক’ৰ্টত। ফাষ্টট্রেক ক’ৰ্টত সাক্ষ্য দিবলৈ উপস্থিত প্ৰবাসী অসমীয়া সুস্মিতা গোস্বামী। ছিংগাৰপুৰত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত আছিল সুস্মিতা। সাক্ষ্য দিবলৈ ক’ৰ্টে তলব কৰিছিল ছিংগাপুৰত থকা সুস্মিতা গোস্বামীক।

২ আৰু ৩ ছেপ্টেম্বৰত ফাষ্ট ট্ৰেক আদালতত পৰীক্ষিত শৰ্মাৰ সাক্ষ্যগ্ৰহণ আৰু জেৰা সম্পূৰ্ণ হয়। তেওঁৰ সাক্ষ্যই জুবিনক ন্যায় প্ৰদানৰ ক্ষেত্ৰত সামান্যতম সহায় কৰিলেও তেওঁ ধন্য হ’ব বুলি মন্তব্য পৰীক্ষিত শৰ্মাৰ। অৱশ্যে আদালতত বিচাৰাধীন বিষয়সমূহৰ বিষয়ে অধিক মন্তব্য কৰাৰ পৰা তেওঁ বিৰত থাকে।

কেৱল পৰীক্ষিত শৰ্মাই নহয়, ঘটনাৰ সময়ত য়টত উপস্থিত থকা আন কেইবাগৰাকীও ছিংগাপুৰস্থিত প্ৰবাসী অসমীয়াৰ সাক্ষ্য আদালতত গুৰুত্বপূৰ্ণ হ’ব পাৰে। ইতিমধ্যে এই সাক্ষীসকলক আদালতলৈ আহি নিজৰ বক্তব্য দাখিল কৰাৰ বাবে প্ৰক্ৰিয়া চলি আছে। তেওঁলোকৰ প্রত্যক্ষ অভিজ্ঞতাই ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ সেই দিনটোৰ ঘটনাক্ৰম আদালতৰ সন্মুখত স্পষ্ট কৰাত সহায় কৰিব পাৰে।

ইফালে, ছিংগাপুৰ আৰক্ষীৰ তদন্ত আৰু ষ্টেট ক’ৰ’নাৰৰ অনুসন্ধানত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু ‘accidental drowning’ অৰ্থাৎ দুৰ্ঘটনাজনিতভাৱে পানীত ডুবি মৃত্যু বুলি সিদ্ধান্ত লোৱা হৈছিল আৰু ‘foul play’ৰ কোনো প্ৰমাণ পোৱা নগ’ল বুলি ছিংগাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰিছিল। কিন্তু অসমত চলি থকা গোচৰত তদন্তকাৰী সংস্থাই হত্যাকে ধৰি বিভিন্ন অভিযোগৰ ভিত্তিত বিচাৰ প্ৰক্ৰিয়া আগবঢ়াইছে। সেয়েহে আদালতত সাক্ষ্য, প্ৰমাণ আৰু জেৰাৰ প্ৰতিটো পৰ্যায়েই বিশেষ তাৎপৰ্য বহন কৰিছে। এতিয়া সকলোৰে দৃষ্টি আদালতৰ পৰৱৰ্তী শুনানিৰ লগতে ছিংগাপুৰৰ আন সাক্ষীসকলৰ বক্তব্যৰ ওপৰত।

ইতিমধ্যে ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ হ’ব। মৃত্যুৰ এবছৰ পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত অসমবাসীৰ অপেক্ষা কেৱল স্মৃতি নহয়। অপেক্ষা সত্য উদঘাটনৰ, অপেক্ষা ন্যায়ৰ। তেওঁ নাই কিন্তু তেওঁৰ সৃষ্টিৰ অনুৰণন আছে। আৰু সেই অনুৰণনৰ মাজতেই এটাই প্ৰশ্ন প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত সত্য কেতিয়া পোহৰলৈ আহিব?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...

আজি সুধাকণ্ঠৰ জন্মদিন, অসমে সোঁৱৰিছে মহান শিল্পীক

আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিশেষ দিন। সুধাকণ্ঠ...