পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬ চনৰ মে’ মাহত অনুষ্ঠিত হোৱা পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে শোচনীয়ভাবে পৰাজিত হৈছিল বিজেপিৰ নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ হাতত। শেহতীয়াকৈ ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় নিৰ্বাচন আয়োগে পশ্চিম বংগৰ দুখন বিধানসভা আসন নন্দীগ্ৰাম আৰু ৰেজিনগৰৰ বাবে উপ-নিৰ্বাচন ঘোষণা কৰিছে। ৰাজনৈতিক মহলত চৰ্চা চলিছে যে মমতা বেনাৰ্জীয়ে নন্দীগ্ৰাম বিধানসভা আসনৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে।
৬ অক্টোবৰত পশ্চিমবংগৰ নন্দীগ্ৰাম আৰু ৰেজিনগৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ফলাফল ঘোষণা হ’ব ৯ অক্টোবৰত। সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে (ECI) পশ্চিমবংগৰ এই দুটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে। ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা বৰ্তমানৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত নন্দীগ্ৰাম বিধানসভা সমষ্টিটো খালী হয়। আনহাতে, হুমায়ুন কবীৰে পদত্যাগ কৰাৰ পিছত ৰেজিনগৰ সমষ্টিটোও খালী হৈ পৰে।
২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত ১৫,১০৫টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল মমতা বেনাৰ্জী। এই পৰাজয়ৰ পাছত নিজৰ ৰাজনৈতিক কেৰিয়াৰ অক্ষুণ্ণ ৰাখিবলৈ মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ উপ-নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি সৰ্বত্ৰে চলিছে প্ৰচাৰ। আন একাংশই ৰেজিনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। আন একাংশই কংগ্ৰেছ বা বিৰোধীৰে মিত্ৰতাৰ প্ৰসংগও আনিছে। ৰেজিনগৰত মমতা বেনাৰ্জীৰ জনপ্ৰিয়তা আছে। কিন্তু নন্দীগ্ৰামৰ সৈতে মমতা বেনাৰ্জীৰ আছে আৱেগিক ঘটনাপ্ৰবাহ। কিন্তু এতিয়াও প্ৰকৃততে প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে অথবা কোন সমষ্টিৰ পৰা খেলিব নিশ্চিত কৰা নাই। নিৰ্বাচনৰ পিছত এক প্ৰকাৰ ভাঙি পৰা দলটো নতুনকৈ গঢ়ি তোলা মমতাৰ সন্মুখত আছে প্ৰবল প্ৰত্যাহ্বান। মমতাই হেৰুওৱা জনপ্ৰিয়তা পুনৰ ঘূৰাই আনিবলৈ সক্ষম হ’বনে? উপ নিৰ্বাচনক লৈ গৰম হৈছে বংগৰ ৰাজনীতি।
