ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ বেডমিণ্টন টুৰ্নামেণ্টৰ (China Masters 2026) পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে।
শনিবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতীয় যুটিটোৱে চীনৰ হে জি টিং আৰু ৰেন ছিয়াং ইউক ১১-২১, ২১-১৩, ২১-১৭ ব্যৱধানত পৰাস্ত কৰে।
প্ৰথম গেম ১১-২১ ব্যৱধানত হেৰুৱাৰ পাছতো সতৱিক-চিৰাগে দৃঢ়তাৰে খেললৈ উভতি আহে। দ্বিতীয় গেমত ২১-১৩ ব্যৱধানত জয় সাব্যস্ত কৰি খেলখন সমতালৈ আনে। নিৰ্ণায়ক তৃতীয় গেমত ২১-১৭ ব্যৱধানত জয়লাভ কৰি ভাৰতীয় যুটিটোৱে খিতাপ নিশ্চিত কৰে।
এঘণ্টা ১০ মিনিট ধৰি চলা প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফাইনেলখনত সতৱিক-চিৰাগে নিয়ন্ত্ৰিত প্ৰদৰ্শনেৰে জয় সাব্যস্ত কৰে। এই খিতাপ তেওঁলোকৰ চলিত ছিজনৰ দ্বিতীয়টো খিতাপ।
ইয়াৰ পূৰ্বে ভাৰতীয় যুটিটোৱে ছিংগাপুৰ অ’পেন ছুপাৰ ৭৫০ৰ খিতাপ জয় কৰিছিল আৰু থাইলেণ্ড অ’পেন ছুপাৰ ৫০০ত ৰানাৰ্ছ-আপ হৈছিল।
চীন মাষ্টাৰ্ছত এয়া সতৱিক-চিৰাগৰ তৃতীয়খন ফাইনেল। ২০২৩ আৰু ২০২৫ চনৰ সংস্কৰণত ৰানাৰ্ছ-আপ হোৱাৰ পাছত এইবাৰ তেওঁলোকে চীন মাষ্টাৰ্ছৰ খিতাপ জয় কৰিবলৈ সক্ষম হয়।
