পোলেণ্ডৰ ক্ৰাক’ৱত ভয়ংকৰ গুলীচালনা, নিহত ৫জন

পোলেণ্ডৰ ক্ৰাক’ৱৰ জনবহুল মেইন মাৰ্কেট স্কোৱেৰত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। শনিবাৰে বিয়লি সংঘটিত এই ঘটনাত কমেও ৫জন লোক নিহত হোৱাৰ লগতে প্ৰায় ১২জন লোক আহত হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি, স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৩ বজাত এখন বাহনেৰে মাৰ্কেট স্কোৱেৰত প্ৰৱেশ কৰে এজন ব্যক্তিয়ে। ইয়াৰ পিছতে বাহনৰ ভিতৰৰ পৰাই নিৰ্বিচাৰে সাধাৰণ লোকক লক্ষ্য কৰি গুলীচালনা কৰে লোকজনে।

ৰয়টাৰৰ উদ্ধৃতি অনুসৰি, সন্দেহযুক্ত আক্ৰমণকাৰীজনৰ পৰিধানত আছিল সামৰিক বাহিনীৰ পোছাকৰ দৰে সাজ। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে গুলীবিদ্ধ কৰে আক্ৰমণকাৰীজনক। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আহতসকলৰ ভিতৰত আৰক্ষীৰ লোকো আছে। বৰ্তমানেও ঘটনাস্থলীত জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।

গুলীচালনাৰ পিছতে ক্ৰাক’ৱৰ মুখ্য বজাৰ চৌহদত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। হেলমেট আৰু অত্যাধুনিক কৌশলগত সা-সৰঞ্জামেৰে সজ্জিত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। সাধাৰণতে কেফে, ৰেষ্টুৰেণ্ট আৰু বাৰৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ থকা এই চৌহদত ঘটনাৰ পিছতে আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

ইফালে, পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে সামাজিক মাধ্যমযোগে এই শোকাৱহ গুলীচালনাৰ ঘটনাৰ তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে। দেশখনৰ স্বৰাষ্ট্ৰ মন্ত্ৰালয়ৰ পৰা তেওঁ পৰিস্থিতিৰ শেহতীয়া তথ্য লাভ কৰি থকা বুলিও প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত INTACH ৰাষ্ট্ৰীয় ঐতিহ্য কুইজ ২০২৬, প্ৰথম স্থানত মহৰ্ষি বিদ্যা মন্দিৰৰ দল

ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা আৰু...