কটন বিশ্ববিদ্যালয়ত INTACH ৰাষ্ট্ৰীয় ঐতিহ্য কুইজ ২০২৬, প্ৰথম স্থানত মহৰ্ষি বিদ্যা মন্দিৰৰ দল

ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা আৰু আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় INTACH ৰাষ্ট্ৰীয় ঐতিহ্য কুইজ ২০২৬। যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ১৩০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Indian National Trust for Art and Cultural Heritage (INTACH)-ৰ কামৰূপ আৰু অসম শাখাই কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰে। INTACH-ৰ Heritage Education and Communication Service-ৰ উদ্যোগত অনুষ্ঠিত এই বাৰ্ষিক প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ভাৰতৰ ইতিহাস, ঐতিহ্য আৰু সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়া।

সপ্তমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে দুজনীয়া দল হিচাপে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতৰ ইতিহাস, প্ৰত্নতত্ত্ব, স্মৃতিসৌধ, কলা-স্থাপত্য, পৰম্পৰা আৰু সাংস্কৃতিক আচাৰ-ব্যৱহাৰৰ ওপৰত প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছিল। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

প্ৰতিযোগিতাত গুৱাহাটী চিটি ৰাউণ্ডৰ লগতে অসম ৰাজ্যিক আৰু উত্তৰ-পূব মণ্ডলৰ বিভিন্ন বিদ্যালয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ দিল্লী পাব্লিক স্কুল, ফেকাল্টী হায়াৰ ছেকেণ্ডাৰী স্কুল, লিটল ষ্টাৰ স্কুল, সংস্কৃতি–দ্য গুৰুকুল, মহৰ্ষি বিদ্যা মন্দিৰ, মডাৰ্ণ ইংলিছ স্কুল, ৰয়েল গ্ল’বেল স্কুল আৰু সূদৰ্শন পাব্লিক স্কুলকে ধৰি কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতাত অংশ লয়।

আনহাতে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিদ্যালয়ৰ দলেও প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। ইয়াৰ ভিতৰত যোৰহাটৰ আৰ্মী পাব্লিক স্কুল, ডিব্ৰুগড়ৰ শ্ৰী অগ্ৰসেন একাডেমী, অৰুণাচল প্ৰদেশৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, মেঘালয়ৰ ছেইণ্ট মাৰ্গাৰেটছ স্কুল, নাগালেণ্ডৰ হল’টলি স্কুল আৰু মিজোৰামৰ ছেইণ্ট পল হায়াৰ ছেকেণ্ডাৰী স্কুল উল্লেখযোগ্য।

প্ৰতিযোগিতাখনৰ আটাইকেইটা পৰ্যায়তে উৎকৃষ্ট প্ৰদৰ্শনেৰে প্ৰথম স্থান দখল কৰে গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰ, শিলপুখুৰীৰ অভিক্ষীত কলিতা আৰু সুলক্ষণা চাংমাইৰ দলে। দ্বিতীয় স্থান লাভ কৰে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ পাস্কি উলি আৰু অঞ্জুমান কুমাৰীয়ে।

উল্লেখযোগ্য যে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দুয়োটা দলে আগন্তুক ১৬ আৰু ১৭ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত উত্তৰ-পূব ভাৰতক প্ৰতিনিধিত্ব কৰিব।

অনুষ্ঠানত উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই বিজয়ী দলসমূহক বঁটা প্ৰদান কৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে অধিক জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়।

Xpress Minds Edutainment Pvt. Ltd.-ৰ কুইজমাষ্টাৰ ধৰ্মৰাজ যোশীৰ নেতৃত্বত আৰু নাৰায়ণ ছিলৰ সহযোগিতাত প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ আঁত ধৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক তথা INTACH কামৰূপ শাখাৰ আহ্বায়ক ড° মঞ্জিল হাজৰিকাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...