UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে উপস্থাপনৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শুকুৰবাৰে এক প্ৰস্তাৱ গ্ৰহণ কৰে। ১৬৪-১ ভোটত গৃহীত প্ৰস্তাৱটোৰ সপক্ষে ভাৰতে ভোটদান কৰে।

অৱশ্যে, প্ৰস্তাৱটোৰ সপক্ষে ভোটদানৰ অৰ্থ ভাৰতৰ ভূখণ্ডৰ কোনো নিৰ্দিষ্ট মানচিত্ৰ বা সীমাৰেখাক অনুমোদন কৰা নহয় বুলি স্পষ্ট কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

দেওবাৰে MEA-ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে Equal-Area Map Projection ব্যৱহাৰৰ নীতিগত উদ্দেশ্যক সমৰ্থন কৰিছে। এই পদ্ধতিয়ে বিশ্বৰ বিভিন্ন মহাদেশৰ আপেক্ষিক ভূমি-ক্ষেত্ৰফল অধিক সঠিকভাৱে প্ৰতিফলিত কৰাত সহায় কৰে।

MEA-য়ে স্পষ্ট কৰে যে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱটোৱে কোনো নিৰ্দিষ্ট বিশ্ব মানচিত্ৰ গ্ৰহণ বা অনুমোদন নকৰে। লগতে আন্তঃৰাষ্ট্ৰীয় সীমা, বিতৰ্কিত ভূখণ্ড অথবা স্থানৰ নামৰ দৰে ৰাজনৈতিক মানচিত্ৰৰ বিষয়সমূহো ইয়াৰ আওতাত অন্তৰ্ভুক্ত নহয়।

ইয়াৰ সমান্তৰালভাৱে জম্মু-কাশ্মীৰ আৰু লাডাখৰ মানচিত্ৰগত উপস্থাপন সন্দৰ্ভত ভাৰতৰ স্থিতিও স্পষ্ট কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। জয়ছোৱালে কয় যে এই অঞ্চলসমূহ ভাৰতৰ চৰকাৰী মানচিত্ৰ অনুসৰিয়েই উপস্থাপন কৰিব লাগিব। ভাৰতৰ ভূখণ্ডৰ যিকোনো ভুল বা বিভ্ৰান্তিকৰ উপস্থাপন ‘গ্ৰহণযোগ্য নহয়’ বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে।

টোগোৱে উত্থাপন কৰা প্ৰস্তাৱটোৰ শিৰোনাম হৈছে “Correct the Map: Rebalancing Global Cartographic Representation and Promoting Equitable Representation of the World’s Regions, Particularly Africa”।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱটোৰ সপক্ষে ১৬৪খন দেশে ভোটদান কৰে, বিপৰীতে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰস্তাৱটোৰ বিৰুদ্ধে ভোট দিয়ে।

ভাৰতে স্পষ্ট কৰি দিছে যে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন সমান-ক্ষেত্ৰফলভিত্তিক মানচিত্ৰ প্ৰক্ষেপণৰ নীতিগত সমৰ্থনতে সীমাবদ্ধ আৰু ইয়াক ভাৰতৰ চৰকাৰী ভূখণ্ডগত মানচিত্ৰ বা সীমাৰেখাৰ কোনো পৰিৱৰ্তনৰ সমৰ্থন হিচাপে ব্যাখ্যা কৰিব নোৱাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...