মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত হ’ল অদ্ভুত ঘটনা। মন্ত্ৰীক আদৰণি জনাবলৈ গৈ প্ৰায় ৭ লাখ টকা মূল্যৰ সোণৰ চেইন হেৰুৱালে JDUৰ এগৰাকী নেতাই।

ঘটনাটো সংঘটিত হয় তুৰ্কী থানাৰ অন্তৰ্গত চাক্ৰী চ’কত। মন্ত্ৰী নিশান্ত কুমাৰৰ কনভয় উপস্থিত হোৱাৰ সময়ত বিপুল সংখ্যক দলীয় কৰ্মী আৰু সমৰ্থকে তেওঁক আদৰণি জনাবলৈ ভিৰ কৰিছিল। বহুতে মালা আৰু ফুলৰ থোপা লৈ মন্ত্ৰীৰ ওচৰলৈ আগবাঢ়ি যায়। সেই সময়তে JDU নেতা ৰাজেশ মণ্ডলেও মন্ত্ৰীক মালা পিন্ধাবলৈ আগবাঢ়ি যায়। ৰাজেশ মণ্ডল কুৰহানি ব্লকৰ লাদৌৰা অঞ্চলৰ বাসিন্দা। অনুষ্ঠান শেষ হোৱাৰ পিছত মানুহে আঁতৰি যাবলৈ ধৰাৰ সময়ত ডিঙিত হাত দি তেওঁ গম পায় যে প্ৰায় ৭ লাখ টকা মূল্যৰ সোণৰ চেইনটো নাই।

চেইনটো কিদৰে হেৰাল সেই বিষয়ে নিশ্চিত নহ’লেও ভিৰৰ মাজত কোনোবা চোৰে টানি লৈ যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে নেতাগৰাকীয়ে। আনহাতে, ঠেলা-হেঁচাৰ মাজত চেইন ছিঙি মাটিত পৰি যাবও পাৰে বুলি তেওঁ অভিযোগত উল্লেখ কৰিছে।

ঘটনাৰ পিছতে ৰাজেশ মণ্ডলে দলীয় নেতাক অৱগত কৰাৰ লগতে আৰক্ষীক বিষয়টো জনায়। পিছত তুৰ্কী আৰক্ষী থানাত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে।

ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে মুজাফ্ফৰপুৰ ভ্ৰমণৰ সময়ত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰে জিলাখনৰ দুটা গুৰুত্বপূৰ্ণ স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ কাৰ্যসূচীও আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...