প্ৰযুক্তি জগতৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান Appleত আহিছে এক গুৰুত্বপূৰ্ণ নেতৃত্বৰ পৰিৱৰ্তন। প্ৰায় ১৫ বছৰ ধৰি প্ৰতিষ্ঠানটোৰ CEO হিচাপে দায়িত্ব পালন কৰাৰ পাছত টিম কুকে ১ ছেপ্টেম্বৰ, ২০২৬ত পদ এৰিব আৰু তেওঁৰ উত্তৰাধিকাৰী হিচাপে জন টাৰ্নাছে এপলৰ নতুন CEO হিচাপে দায়িত্ব গ্ৰহণ কৰিব।
জন টাৰ্নাছ এপলৰ এগৰাকী অভিজ্ঞ শীৰ্ষ বিষয়া। দুই দশকৰো অধিক সময় তেওঁ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত হৈ আছে। ২০০১ চনত প্ৰডাক্ট ডিজাইন টীমৰ সদস্য হিচাপে এপলত যোগদান কৰা টাৰ্নাছ পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটোৰ হাৰ্ডৱেৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হিচাপে পৰিগণিত হয়।

২০১৩ চনত তেওঁ এপলৰ Hardware Engineering বিভাগৰ Vice President হিচাপে দায়িত্ব লাভ কৰে। ইয়াৰ পাছত ২০২১ চনত Senior Vice President পদলৈ উন্নীত কৰা হয় আৰু এপলৰ শীৰ্ষ নেতৃত্বৰ দলত স্থান লাভ কৰে।
ইঞ্জিনিয়াৰিং ক্ষেত্ৰৰ পটভূমি থকা টাৰ্নাছে University of Pennsylvaniaৰ পৰা Mechanical Engineeringত ডিগ্ৰী লাভ কৰিছে। এপলত যোগদান কৰাৰ পূৰ্বে তেওঁ Virtual Research Systemsত Mechanical Engineer হিচাপে কৰ্মৰত আছিল।
গভীৰ কাৰিকৰী জ্ঞান, হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিং আৰু এপলৰ বিভিন্ন সামগ্ৰীৰ বিকাশৰ ক্ষেত্ৰত দীৰ্ঘ অভিজ্ঞতাৰ বাবে জন টাৰ্নাছক প্ৰতিষ্ঠানটোৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰিকৰী নেতৃত্ব হিচাপে গণ্য কৰা হয়। এতিয়া টিম কুকৰ উত্তৰাধিকাৰী হিচাপে এপলৰ CEOৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ প্ৰতিষ্ঠানটোক নেতৃত্ব দিয়াৰ বৃহৎ দায়িত্ব লাভ কৰিছে।
