‘অন্তহীন যুদ্ধৰ পৰিৱৰ্তে যুদ্ধৰ অৱসান ঘটোৱাৰ দিশত অগ্ৰসৰ হওক’: ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

বিছকেকত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) শীৰ্ষ সন্মিলনৰ সমান্তৰালকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা এক দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইন সংঘাতৰ বিষয়টো উত্থাপন কৰি যুদ্ধৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আলোচনাকালত প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টভাৱে কয় যে মানৱজাতিৰ কল্যাণৰ স্বাৰ্থত ‘অন্তহীন যুদ্ধৰ পৰিৱৰ্তে যুদ্ধৰ অৱসান ঘটোৱাৰ দিশত’ অগ্ৰসৰ হোৱাটো অত্যন্ত জৰুৰী। তেওঁ উল্লেখ কৰে যে যুদ্ধত অতিবাহিত হোৱা প্ৰতিটো দিনে মানৱজাতিক বহু পিছলৈ ঠেলি দিয়ে, আনহাতে শান্তিৰ দিশে লোৱা প্ৰতিটো পদক্ষেপে মানৱজাতিৰ মাজত নতুন আশা আৰু উৎসাহৰ সঞ্চাৰ কৰে।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে দোহাৰে যে ভাৰতে সদায় শান্তি স্থাপনৰ সকলো প্ৰচেষ্টাক সমৰ্থন জনাই আহিছে আৰু ভৱিষ্যতেও এই স্থিতি বাহাল ৰাখিব। বুদ্ধ আৰু মহাত্মা গান্ধীৰ আদৰ্শৰ কথা স্মৰণ কৰি তেওঁ কয় যে এই পৱিত্ৰ ভূমিৰ একমাত্ৰ বাৰ্তাই হৈছে শান্তিৰ পথ অনুসৰণ কৰা। অতি শীঘ্ৰে সকলো সমস্যা তথা বিবাদ আলোচনা আৰু কূটনৈতিক মাধ্যমেৰে শান্তিপূৰ্ণভাৱে সমাধান কৰাটোৱেই সমগ্ৰ মানৱজাতিৰ আহ্বান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলো পক্ষকে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...