ৰঙা চীনৰ সামৰিক শক্তিয়ে লাভ কৰিলে আৰু এখোপ উচ্চতা । চীনে এনে আধুনিক হাইপাৰছনিক গ্লাইড ভেহিকল উন্নত কৰিছে, যিয়ে হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত থকা গুৰুত্বপূৰ্ণ বিমানক লক্ষ্য কৰি এয়াৰ-টু-এয়াৰ অস্ত্ৰ নিক্ষেপ কৰিব পাৰে। এই তথ্য প্ৰকাশ পাইছে Bloomberg-ৰ এক প্ৰতিবেদনত।
এই নতুন অস্ত্ৰই আকাশত ইন্ধন যোগান ধৰা টেংকাৰ বিমান, Airborne Early Warning and Control (AEW&C) বিমান আৰু আমেৰিকাৰ বায়ুসেনাৰ E-4B Nightwatch-ৰ দৰে আকাশী কমাণ্ড চেণ্টাৰক লক্ষ্য কৰিব পাৰে।

চীন বৰ্তমান বিশ্বত জনাজাত একমাত্ৰ দেশ, যিয়ে এয়াৰ-টু-এয়াৰ মিছাইল নিক্ষেপ কৰিব পৰা Hypersonic Glide Vehicle (HGV) উন্নয়ন আৰু ব্যৱহাৰৰ দিশত আগবাঢ়িছে। HGV-য়ে Mach 5-তকৈ অধিক বেগত বায়ুমণ্ডলৰ মাজেৰে গতি কৰাৰ লগতে পথ সলনি কৰিব পাৰে, যাৰ ফলত ইয়াক প্ৰতিহত কৰাটো ম।

চীনৰ DF-17 ক্ষেপণাস্ত্ৰৰ পৰা উৎক্ষেপণ কৰা HGV-য়ে প্ৰায় ২,৪১৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে বুলি অনুমান কৰা হৈছে। আনহাতে, অধিক উন্নত DF-27-ৰ লক্ষ্য সাধন ৰেঞ্জ প্ৰায় ৮,০০০ কিলোমিটাৰ বুলি ধাৰণা কৰা হয়, যাৰ ফলত ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই পৰ্যন্ত লক্ষ্য সাধিব পাৰিব
অৱশ্যে, ইমান দূৰৰ পৰা চলন্ত বিমানক আক্ৰমণ কৰাটো অত্যন্ত জটিল।
ভাৰতেও আগবঢ়াইছে হাইপাৰছনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাৰ্যসূচী
ইফালে ভাৰতেও DRDO-ৰ নেতৃত্বত নিজা হাইপাৰছনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাৰ্যসূচী আগবঢ়াই আছে। ২০২৪ চনৰ নৱেম্বৰত ভাৰতীয় হাইপাৰছনিক ক্ষেপণাস্ত্ৰই সফল উৰণ পৰীক্ষা সম্পন্ন কৰে । ইয়াৰ পিছত ২০২৬ চনৰ জানুৱাৰীত পূৰ্ণাংগ Scramjet ইঞ্জিনৰ ১২ মিনিটতকৈ অধিক সময়ৰ উন্নত গ্ৰাউণ্ড টেষ্ট সম্পন্ন কৰা হয়।
চীনৰ ক্ষেপণাস্ত্ৰ ভাণ্ডাৰৰ এই সম্প্ৰসাৰণে ভৱিষ্যতে গোটেই বিশ্বতে সংঘাতৰ তীব্ৰতা আৰু অধিক বঢ়াই তোলাৰ আশংকা ঘনীভূত কৰিছে।
