‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭ চনৰ দক্ষিণ এছিয়া গেমছত অংশগ্ৰহণৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ যাব। ভাৰতৰ অংশগ্ৰহণ পাকিস্তানে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। এই দাবী পাকিস্তানী সংবাদ মাধ্যমৰ। ১৪ সংখ্যক দক্ষিণ এছিয়া গেমছ ২০২৭ চনৰ ৩ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ পাকিস্তানত অনুষ্ঠিত হ’ব। প্ৰায় দুটা দশকৰ পিছত পাকিস্তানে পুনৰ এই আঞ্চলিক বহু-ক্ৰীড়া প্ৰতিযোগিতাখনৰ আয়োজন কৰিবলৈ ওলাইছে।

ইছলামাবাদ, লাহোৰ আৰু পেছাৱাৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন। ইছলামাবাদক মূল আয়োজক চহৰ হিচাপে নিৰ্বাচন কৰা হৈছে আৰু ইয়াত উদ্বোধনী অনুষ্ঠানৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। লাহোৰত অধিকাংশ ক্ৰীড়া ইভেণ্টৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। পেছাৱাৰতো বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। ভাৰতৰ অংশগ্ৰহণক লৈ পূৰ্বে কিছু অনিশ্চয়তা সৃষ্টি হৈছিল। ভাৰত-পাকিস্তানৰ মাজৰ ৰাজনৈতিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দল পাকিস্তানলৈ যাবনে নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু দক্ষিণ এছিয়া অলিম্পিক কাউন্সিলৰ (SAOC) কাৰ্যবাহী সমিতিৰ বৈঠকত ভাৰতে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি ক্ৰীড়া প্ৰতিযোগিতাখন পাকিস্তানত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াছে বুলি পাকিস্তানে দাবী কৰিছে।

পাকিস্তান অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি আৰিফ ছইদৰ অধ্যক্ষতাত ইছলামাবাদত অনুষ্ঠিত বৈঠকত ১৪ সংখ্যক দক্ষিণ এছিয়া গেমছৰ সূচী আনুষ্ঠানিকভাৱে অনুমোদন কৰা হয়। শ্ৰীলংকা, বাংলাদেশ, নেপাল, ভূটান আৰু মালদ্বীপৰ প্ৰতিনিধিয়ে বৈঠকত অংশগ্ৰহণ কৰাৰ বিপৰীতে ভাৰতীয় প্ৰতিনিধিয়ে ভাৰ্চুৱেলী অংশ লয়।

২০২৭ চনৰ দক্ষিণ এছিয়া ক্ৰীড়াত মুঠ ২৮টা ক্ৰীড়া শাখা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত এথলেটিকছ, সাঁতোৰ, ক্ৰিকেট, উশু, বক্সিং, হকী, মল্লযুঁজ, বেডমিণ্টন, স্কোৱাছ, ফুটবল আৰু ভলীবল অন্যতম। ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু মালদ্বীপৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

ভাৰতীয় খেলুৱৈৰ পাকিস্তান ভ্ৰমণ আৰু প্ৰতিযোগিতাত অংশগ্ৰহণে ২০২৭ চনৰ দক্ষিণ এছিয়া গেমছক বিশেষ তাৎপৰ্য প্ৰদান কৰিছে। দুয়োখন দেশৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে ভাৰতীয় ক্ৰীড়াবিদে পাকিস্তানৰ মাটিত অংশগ্ৰহণ কৰাটো আঞ্চলিক ক্ৰীড়াৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...