ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত পৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)। এমাহৰো অধিক সময় পূৰ্বে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিলেও এতিয়ালৈকে কোনো কোম্পানীয়ে বিচিচিআইৰ প্ৰত্যাশা অনুসৰি বিড দিয়া নাই বুলি জানিব পৰা গৈছে। যোৱা ২০ জুলাইত বিচিচিআইয়ে টাইটেল স্পনছৰশ্বিপ ৰাইটছৰ বাবে টেণ্ডাৰ প্ৰকাশ কৰিছিল। নিবিদা দাখিলৰ অন্তিম তাৰিখ আছিল ১৩ আগষ্ট। কিন্তু Cricbuzzৰ এক প্ৰতিবেদন অনুসৰি, কোনো কোম্পানীয়ে নিবিদা দাখিল কৰা নাই, দাখিল কৰা প্ৰস্তাৱসমূহ বিচিচিআইৰ প্ৰত্যাশিত মূল্যত উপনীত হোৱা নাই। বৰ্তমান কেইবাটাও ব্ৰেণ্ডৰ সৈতে বিচিচিআইৰ আলোচনা চলি আছে। কৃত্ৰিম বুদ্ধিমত্তা (AI) প্লেটফৰ্ম Google Gemini, গাড়ী বিক্ৰী-ব্ৰেণ্ড Spinny আৰু বীমা কোম্পানী SBI Life-এ টাইটেল স্পনছৰশ্বিপ ৰাইটছৰ বাবে আলোচনা চলাই থকা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
মূল সমস্যাটো হৈছে স্পনছৰশ্বিপৰ মূল্য। পূৰ্বৰ ছিজনত প্ৰতি মেচত ৪.২ কোটি টকাৰ মূল্যৰ বিপৰীতে বিচিচিআইয়ে এইবাৰ বেছ প্ৰাইচ বৃদ্ধি কৰি প্ৰতি মেচ ৪.৮৫ কোটি টকা নিৰ্ধাৰণ কৰিছে। অৰ্থাৎ পূৰ্বৰ তুলনাত প্ৰায় ১৫.৫ শতাংশ বৃদ্ধি কৰা হৈছে। বৰ্তমানৰ টাইটেল স্পনছৰ IDFC First Bank-এ ভাৰতত অনুষ্ঠিত হোৱা প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় মেচত ৪.২ কোটি টকা পৰিশোধ কৰিছিল। তিনিবছৰৰ বাবে হোৱা সেই চুক্তিত ৫৫খন আন্তঃৰাষ্ট্ৰীয় মেচৰ বিপৰীতে মুঠ ২৩১ কোটি টকা লাভ কৰিছিল বিচিচিআইয়ে।
এইবাৰ অৱশ্যে চুক্তিৰ ম্যাদ দুবছৰ। ২০২৮ চনৰ ৩১ মাৰ্চলৈ চলিবলগীয়া এই চুক্তিৰ অধীনত প্ৰায় ৩৫খন ঘৰুৱা আন্তঃৰাষ্ট্ৰীয় মেচ থাকিব। ইয়াৰ ভিতৰত ১০খন টেষ্ট, ১২খন এদিনীয়া আৰু ১৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। বেছ প্ৰাইচ ৪.৮৫ কোটি টকা প্ৰতি মেচ হিচাপে ধৰা হ’লে ৩৫খন মেচৰ পৰা বিচিচিআইয়ে কমেও প্ৰায় ১৭০ কোটি টকা লাভ কৰিব। নিবিদাৰ মূল্য ইয়াতকৈ বৃদ্ধি পালে ব’ৰ্ডৰ উপাৰ্জনো বৃদ্ধি পাব।
ইফালে GroupM, ITW আৰু Sporty Solutions-এ বিচিচিআইৰ Invitation to Tender (ITT) নথি ক্ৰয় কৰিছিল। ২০ জুলাইৰ পৰা ৫ আগষ্টলৈ এই নথি ১ লাখ টকাৰ অপ্ৰত্যাৱৰ্তনযোগ্য মাচুলত বিক্ৰী কৰা হৈছিল। অৱশ্যে টাইটেল স্পনছৰ বিচাৰি বিচিচিআইয়ে এতিয়াই কোনো ততাতৈয়া কৰা নাই। ২৭ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতীয় দলৰ প্ৰথমখন ঘৰুৱা আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হোৱাৰ কথা। সেয়েহে নতুন স্পনছৰ নিৰ্ধাৰণৰ বাবে ব’ৰ্ডৰ হাতত এতিয়াও কিছু সময় আছে।
ইফালে বিচিচিআইয়ে নিজৰ বিভিন্ন অনুষ্ঠানৰ Associate Partner Rights-ৰ বাবেও Request for Quotation প্ৰকাশ কৰিছে। ইয়াৰ বাবে ২৫ আগষ্টলৈকে বিড দাখিল কৰিব পাৰিব। অৱশ্যে টাইটেল স্পনছৰ নিৰ্ধাৰণ নোহোৱালৈকে Associate Partner চূড়ান্ত কৰিব নোৱাৰিব, কিয়নো দুয়োটা স্পনছৰ একেটা ব্যৱসায়িক খণ্ডৰ হ’ব নোৱাৰিব।
Associate Partner Rights-ৰ বাবেও ব’ৰ্ডে প্ৰতি মেচত ৯৫ লাখ টকাৰ Reserve Price নিৰ্ধাৰণ কৰিছে। আনহাতে, যদি স্পনছৰজন ঠাণ্ডা পানীয়ৰ শ্ৰেণীৰ হয়, তেন্তে মেচপ্ৰতি Reserve Price ১.১৫ কোটি টকালৈ বৃদ্ধি পাব। সৰ্বমুঠতে, ভাৰতীয় ক্ৰিকেটৰ বিশাল ব্ৰেণ্ড মূল্যৰ মাজতো এইবাৰ বিচিচিআইৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছৰ বাবে কোম্পানীসমূহৰ পৰা আশানুৰূপ সঁহাৰি নোপোৱাটো ব’ৰ্ডৰ বাবে এক নতুন প্ৰত্যাহ্বান হিচাপে দেখা দিছে।
