জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’। ‘NK Media’ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ অফিচিয়েল ম’চন প’ষ্টাৰ কাইলৈ অৰ্থাৎ মঙলবাৰ, ২৫ আগষ্টৰ দিনৰ ১১ বজাত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব।
বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা নানান পাচনিৰ পৰিচালনা আৰু নিপন কুমাৰ তালুকদাৰৰ প্ৰযোজনাৰে নিৰ্মিত ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ ছবিখনে ইয়াৰ আকৰ্ষণীয় নাম আৰু অভিনৱ বিষয়বস্তুৰ বাবে ইতিমধ্যে সাংস্কৃতিক মহলত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

কলা-কুশলীসকল :
ছবিৰ নাম: NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)
বেনাৰ: এন কে মিডিয়া (NK Media)
প্ৰযোজক: নিপন কুমাৰ তালুকদাৰ
কাৰ্যবাহী প্ৰযোজক: দীপক বৰা
পৰিচালক: নানান পাচনি
কাহিনী আৰু চিত্ৰনাট্য: বেদব্ৰত বৰা
মুখ্য সহকাৰী পৰিচালক: উদয় ভাস্কৰ পাটৰ
চিত্ৰগ্ৰহণ (কেমেৰা): প্ৰদীপ দৈমাৰী
কলা নিৰ্দেশক: শিৱম শইকীয়া
আবহ সংগীত: অৰূপজ্যোতি বৰুৱা
শব্দ সংমিশ্ৰণ: কিংশুক মৰাণ
সাজ-সজ্জা: জুৰি কলিতা
ৰূপসজ্জা: কমল তালুকদাৰ

ছবিখনত অভিনয় কৰিছে অসমৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্রীয়ে —
সিদ্ধাৰ্থ শৰ্মা
পংকজ মহন্ত
বৈভৱী গোস্বামী
জয়ন্ত ভাগৱতী
জলী লস্কৰ
অসীম কৃষ্ণ বৰুৱা
মনোজ শইকীয়া

সম্প্ৰতি ছবিখনৰ প্ৰচাৰ আৰু অন্যান্য কাম-কাজ পূৰ্ণগতিত চলি আছে। কাইলৈ ম’চন প’ষ্টাৰ উন্মোচনেৰে ছবিখন ছবিগৃহলৈ অহাৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হ’ব, ইয়াকে লৈ ৰাজ্যৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত বিশেষ উৎসাহ দেখা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ সন্মুখত কঠিন কূটনৈতিক পৰীক্ষা; BRICS সন্মিলনৰ পৰা ভাৰতে কি লাভ কৰিব?

নতুন দিল্লীত আৰম্ভ হৈছে ১৮সংখ্যক BRICS সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ...

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...