কলম্বোৰ ছিংহলীজ স্প’ৰ্টছ ক্লাব গ্ৰাউণ্ডত অনুষ্ঠিত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিতীয় টেষ্টত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰতীয় অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু শ্ৰীলংকাৰ বলাৰ অসিথা ফাৰ্নাণ্ডোৰ মাজত সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।
ভাৰতীয় ইনিংছৰ এটা অভাৰত অসিথা ফাৰ্নাণ্ডোৰ বলত আউট হোৱাৰ পিছতে জয়ছোৱাল আৰু ফাৰ্নাণ্ডোৰ মাজত উত্তপ্ত বাক-বিতণ্ডা হয়। আউট হৈ পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত জয়ছোৱাল ৰৈ গৈ ফাৰ্নাণ্ডোৰ একেবাৰে ওচৰলৈ যায়। দুয়োৰে মাজত প্ৰায় মুখামুখি অৱস্থা সৃষ্টি হয়। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পূৰ্বেই সতীৰ্থ খেলুৱৈসকলে দুয়োকে আঁতৰাই দিয়ে। উল্লেখযোগ্য যে, সেই অভাৰটোতে ফাৰ্নাণ্ডোৰ বলত আউট হোৱাৰ পূৰ্বে জয়ছোৱালে একেৰাহে তিনিটা বাউণ্ডেৰী কোবাইছিল। মুঠ ৫৩টা বলত ৯টা বাউণ্ডেৰীৰ সহায়ত ৪৫ ৰান সংগ্ৰহ কৰে ভাৰতীয় অ’পেনাৰগৰাকীয়ে।
প্ৰথম টেষ্টতো জয়ছোৱাল চৰ্চালৈ আহিছিল। শ্ৰীলংকাৰ দ্বিতীয় ইনিংছত বেটিং কৰি থকা নিৰুজন ডিকৱেলাৰ সৈতে তেওঁ বাক-বিতণ্ডাত লিপ্ত হৈছিল। ডিকৱেলায়ো প্ৰত্যুত্তৰ দিছিল যদিও কিছু সময়ৰ পিছতে তেওঁ আউট হৈছিল। দুইখনীয়া টেষ্ট শৃংখলাত ভাৰতে ইতিমধ্যে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে।
