৩টা বাউণ্ডেৰীৰ পিছতে উইকেট, অসিথাৰ সৈতে যশস্বীৰ বাক-যুদ্ধ

কলম্বোৰ ছিংহলীজ স্প’ৰ্টছ ক্লাব গ্ৰাউণ্ডত অনুষ্ঠিত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিতীয় টেষ্টত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰতীয় অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু শ্ৰীলংকাৰ বলাৰ অসিথা ফাৰ্নাণ্ডোৰ মাজত সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

ভাৰতীয় ইনিংছৰ এটা অভাৰত অসিথা ফাৰ্নাণ্ডোৰ বলত আউট হোৱাৰ পিছতে জয়ছোৱাল আৰু ফাৰ্নাণ্ডোৰ মাজত উত্তপ্ত বাক-বিতণ্ডা হয়। আউট হৈ পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত জয়ছোৱাল ৰৈ গৈ ফাৰ্নাণ্ডোৰ একেবাৰে ওচৰলৈ যায়। দুয়োৰে মাজত প্ৰায় মুখামুখি অৱস্থা সৃষ্টি হয়। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পূৰ্বেই সতীৰ্থ খেলুৱৈসকলে দুয়োকে আঁতৰাই দিয়ে। উল্লেখযোগ্য যে, সেই অভাৰটোতে ফাৰ্নাণ্ডোৰ বলত আউট হোৱাৰ পূৰ্বে জয়ছোৱালে একেৰাহে তিনিটা বাউণ্ডেৰী কোবাইছিল। মুঠ ৫৩টা বলত ৯টা বাউণ্ডেৰীৰ সহায়ত ৪৫ ৰান সংগ্ৰহ কৰে ভাৰতীয় অ’পেনাৰগৰাকীয়ে।

প্ৰথম টেষ্টতো জয়ছোৱাল চৰ্চালৈ আহিছিল। শ্ৰীলংকাৰ দ্বিতীয় ইনিংছত বেটিং কৰি থকা নিৰুজন ডিকৱেলাৰ সৈতে তেওঁ বাক-বিতণ্ডাত লিপ্ত হৈছিল। ডিকৱেলায়ো প্ৰত্যুত্তৰ দিছিল যদিও কিছু সময়ৰ পিছতে তেওঁ আউট হৈছিল। দুইখনীয়া টেষ্ট শৃংখলাত ভাৰতে ইতিমধ্যে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ বুকুত চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ! চীনত বানৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী চীনৰ গৱেষকৰ

চীনে তিব্বতত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পক...

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...