আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল

এটা আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল। পিতৃয়ে আইফোনৰ EMI নিদিও বুলি কোৱাৰ বাবেই নিজকে শেষ কৰিলে পুত্ৰই। পুত্ৰক বচাবলৈ গৈয়েই কৰুণ মৃত্যু ঘটিল পিতৃৰো। উপায়ন্তৰ হৈ পাহাৰৰ পৰা জাঁপ দিলে মাতৃয়েও। কি হৈছে এই প্ৰজন্মৰ? অধিক বস্তুবাদী হৈ পৰিছে নেকি এই প্ৰজন্মৰ একাংশ কিশোৰ-কিশোৰী? কেৰালাৰ কিশোৰীয়ে আইফোনৰ বাবেই প্ৰেমিকৰ হতুৱাই ককাকৰ প্ৰাণ লোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ আন এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে দেশ।

ঘটনা মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰৰ। ১৯ বছৰীয়া এজন ছাত্ৰই ক্ৰয় কৰিছিল এটা আইফোন। পিতৃক আইফোনটোৰ EMI দিয়াৰ দাবী পুত্ৰৰ। কিন্তু পিতৃয়ে ইমান ব্যয়বহুল আইফোনটোৰ EMI দিবলৈ অস্বীকাৰ কৰাত নিজৰ জীৱন শেষ কৰিবলৈকে পাহাৰত উঠিছিল ছাত্ৰজন। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছিল আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ দল। গাঁৱৰ বহু লোকো উপস্থিত হৈছিলগৈ ঘটনাস্থলীত। প্ৰায় তিনি ঘণ্টা ধৰি যুৱকজনক বুজাই-বঢ়াই সুৰক্ষিতভাৱে নমাই আনিবলৈ চেষ্টা কৰিছিল তেওঁলোকে। সুৰক্ষাৰ বাবে পাহাৰৰ তলত দিয়া হৈছিল জাল। কিন্তু যুৱকজনে বাৰে বাৰে সলনি কৰিছিল নিজৰ অৱস্থান। এটা সময়ত পৰিস্থিতিয়ে এনে ৰূপ লয়গৈ যে পিতৃয়ে যুৱকজনক বুজাবলৈ পাহাৰৰ চূড়ালৈ উঠি যাওঁতেই পিতা-পুত্ৰ সৰি পৰিছিল পাহাৰৰ পৰা। লগে লগে তাত উপস্থিত থকা মাতৃয়েও পাহাৰৰ পৰা জাঁপ দিয়ে। এই ঘটনাত একেটা পৰিয়ালৰে তিনিওগৰাকী সদস্যৰে থিতাতে মৃত্যু হয়। পিতৃ মুৰলীধৰ চান্দগুড়ে, তেওঁৰ পত্নী সংগীতা আৰু তেওঁলোকৰ ১৯ বছৰীয়া পুত্ৰ কুনালৰ কৰুণ মৃত্যু হয় এই ঘটনাত। মোবাইলৰ আসক্তিৰ বাবেই পুনৰ শেষ হৈ গ’ল এটা পৰিয়াল। উল্লেখ্য যে কেইদিনমান পূৰ্বে কেৰালাৰ আলাপ্পুঝা জিলাৰ কাৰুভাট্টাতো এটা আইফোনৰ বাবেই সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে নিজলৈ এটা আইফোন আৰু ১৭ বছৰীয়া প্ৰেমিকক এখন স্প’ৰ্টছ বাইক উপহাৰ দিব বিচাৰিছিল। সেইবাবেই প্ৰেমিকৰ হতুৱাই ককাকক হত্যা কৰি নিজৰ ঘৰতেই ডকাইতি কাণ্ড সংঘটিত কৰিছিল ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে। এইসমূহ ঘটনাই এতিয়া জোকাৰি গৈছে সচেতন মহলক। কি হৈছে একাংশ কিশোৰ-কিশোৰীৰ। সম্পৰ্কৰ মূল্য নুবুজা হৈছে নে অধিক বস্তুবাদী হৈ পৰিছে এই প্ৰজন্ম? নে ভোগবাদত উটি-ভাহি গৈ ধ্বংসৰ পথে গতি কৰিছে আজিৰ একাংশ কিশোৰ-কিশোৰী? কথাবোৰ জটিল, স্পৰ্শকাতৰ….

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...