চাইবাৰ অপৰাধ আৰু ভুৱা নথিৰে চলোৱা কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় দূৰসংযোগ বিভাগে (DoT) ছিম কাৰ্ড সংক্ৰান্তীয় নিয়ম অধিক কঠোৰ কৰি তুলিছে। নতুন নিৰ্দেশনা অনুসৰি, টেলিকম অপাৰেটৰসকলে এতিয়াৰে পৰা ‘ডিজিটেল ইনটেলিজেন্স প্লেটফৰ্ম’ (DIP) ব্যৱহাৰ কৰি এনে গ্ৰাহকসকলক চিনাক্ত কৰিব লাগিব যিসকলে নিজৰ নামত অনুমোদনপ্ৰাপ্ত সৰ্বোচ্চ সীমাৰ ছিম কাৰ্ড সংগ্ৰহ কৰিছে। দেশৰ অধিকাংশ প্ৰান্তত এজন ব্যক্তিৰ নামত সৰ্বোচ্চ ৯টা ছিম কাৰ্ড ৰখাৰ অনুমতি থকাৰ বিপৰীতে অসম, উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত এই সীমা সৰ্বোচ্চ ৬টা নিৰ্ধাৰণ কৰা হৈছে। এই নতুন ব্যৱস্থাটো কাৰ্যকৰী হোৱাৰ পাছত কোনো এজন ব্যক্তিয়ে নিজৰ সীমা অতিক্ৰম কৰিলে তেওঁৰ নামত নতুন ম’বাইল সংযোগ প্ৰদান কৰা বন্ধ কৰা হ’ব আৰু ইতিমধ্যে থকা অতিৰিক্ত বা অনিয়মীয়া সংযোগসমূহ পৰীক্ষা কৰি বিচ্ছিন্ন কৰা হ’ব। ইয়াৰ সমান্তৰালভাৱে ক’লিং নেম প্ৰেজেণ্টেশ্যন (CNAP) ব্যৱস্থাও কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে, যাতে ভুৱা পৰিচয় ব্যৱহাৰ কৰি কৰা বিত্তীয় প্ৰৱঞ্চনা আৰু অনলাইন জালিয়াতি কাৰ্যকৰীভাৱে প্ৰতিহত কৰিব পৰা যায়।
