‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত গাই থকা সমাৱেশত ব্যাঘাত জন্মোৱাটো এক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য হ’ব। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে মঙ্গলবাৰে ‘ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অৱমাননা প্ৰতিৰোধ (সংশোধনী) বিধেয়ক, ২০২৬’ (Prevention of Insults to National Honour (Amendment) Bill, 2026)ত অনুমোদন জনায়। ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছতে এই বিধেয়কখন আইনত পৰিণত হৈছে।

উল্লেখযোগ্য যে, যোৱা ৩০ জুলাইত লোকসভাত এই বিলখন গৃহীত হোৱাৰ বিপৰীতে তাৰ এদিন পূৰ্বে ৰাজ্যসভাতো গৃহীত হৈছিল।

  • এই নতুন আইনখনে ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ৰ দৰেই ‘বন্দে মাতৰম’কো একে ধৰণৰ আইনী সুৰক্ষা প্ৰদান কৰিছে। এই আইন অনুসৰি এই গীতসমূহ গোৱাত বাধা দিলে বা বিঘিনি জন্মালে সৰ্বোচ্চ ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ’ব পাৰে। একেটা অপৰাধ দ্বিতীয়বাৰ কৰিলে নূন্যতম ১ বছৰৰ কাৰাদণ্ডৰ নিয়ম ৰখা হৈছে। ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ঘোষণা কৰিছিল যে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ৰচিত আৰু স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ৰ সমান মৰ্যাদা দিয়া হ’ব।

ইফালে, গৃহ মন্ত্ৰালয়ে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি এইবাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে লালকিল্লাত ‘বন্দে মাতৰম’ গীতটি পৰিৱেশন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...

কলম্বিয়াত ৭.৪ প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্প: ধ্বংসস্তূপত পৰিণত কেইবাখনো চহৰ, মৃতকৰ সংখ্যা ১১১লৈ বৃদ্ধি

সোমবাৰে পশ্চিম কলম্বিয়াত অহা ৭.৪ প্ৰাবল্যৰ এক ভয়াৱহ ভূমিকম্পই...