২০২৬ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা; অৰ্থনৈতিক স্থিতিশীলতা সম্পৰ্কীয় গৱেষণাৰ বাবে আমেৰিকাৰ দুই অৰ্থনীতিবিদ ৰ’বাৰ্ট ই হল, মাইকেল উডফ’ৰ্ডলৈ অৰ্থনীতিৰ ন’বেল

অৰ্থনৈতিক স্থিতিশীলতা সম্পৰ্কীয় গৱেষণাৰ বাবে আমেৰিকাৰ দুইগৰাকী অৰ্থনীতিবিদ ৰবাৰ্ট হল আৰু মাইকেল উডফৰ্ডে ২০২৬ চনৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছে। সোমবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সেছে এই কথা ঘোষণা কৰে।

আনুষ্ঠানিকভাৱে ‘আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানৰ বাবে ছুইডেনৰ কেন্দ্ৰীয় বেংকৰ বঁটা’ (Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel) নামেৰে পৰিচিত এই সন্মান হৈছে চলিত বছৰৰ অন্তিমটো নোবেল বঁটা। এই বঁটাৰ ধনৰাশি হৈছে ১ কোটি ২০ লাখ ছুইডিছ ক্ৰ’না (প্ৰায় ১২ লাখ মাৰ্কিন ডলাৰ)।

দুয়োগৰাকী বঁটাপ্ৰাপকে সামষ্টিক অৰ্থনীতিৰ স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সূক্ষ্ম অৰ্থনৈতিক ভিত্তিৰ ওপৰত নতুন আৰ্হি (মডেল) বিকশিত কৰিছে। তেওঁলোকৰ গৱেষণাই ফলপ্ৰসূ স্থিতিশীলতা নীতি ৰূপায়ণৰ ক্ষমতা বৃদ্ধি কৰিছে। ইয়াৰ ফলত উপযুক্ত সময়ত ৰাজহ-ব্যয় নীতি (Fiscal Policy) আৰু মুদ্ৰানীতি (Monetary Policy) গ্ৰহণ কৰি অৰ্থনীতিত দেখা দিয়া ক্ষতিকাৰক উঠা-নমাৰ তীব্ৰতা হ্ৰাস কৰাটো সম্ভৱ হৈছে।

অৰ্থনৈতিক বিজ্ঞানৰ বঁটাৰ সমিতিৰ অধ্যক্ষ জন হাছলাৰে এক বিবৃতিত কয়, “বঁটাপ্ৰাপকৰ গৱেষণাই এনে এক সুস্থিৰ তাত্ত্বিক ভেটি প্ৰদান কৰিছে, যাৰ ওপৰত ভিত্তি কৰি বৰ্তমান সমগ্ৰ বিশ্বৰ কেন্দ্ৰীয় বেংক আৰু চৰকাৰসমূহে ব্যৱহাৰ কৰা অৰ্থনৈতিক আৰ্হিসমূহ গঢ় লৈ উঠিছে।”

তেওঁ লগতে কয়, “তেওঁলোকৰ গৱেষণাৰ জৰিয়তে আমি অৰ্থনীতিৰ বিভিন্ন আকস্মিক জোকাৰণি, যেনে শক্তি সংকট বা পৰিয়ালসমূহৰ উপভোগৰ পৰিমাণত হঠাৎ হোৱা পৰিৱৰ্তন, মোকাবিলা কৰিবলৈ অধিক সক্ষম হৈছোঁ।”

১৯৬৯ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল অৰ্থনৈতিক বিজ্ঞানৰ এই বঁটা। অৱশ্যে, ১৮৯৫ চনত উদ্যোগপতি তথা ডিনামাইটৰ উদ্ভাৱক আলফ্ৰেড নোবেলে তেওঁৰ উইলত উল্লেখ কৰা মূল পাঁচটা নোবেল বঁটাৰ ভিতৰত এই বঁটা নাছিল। ছুইডেনৰ কেন্দ্ৰীয় বেংকে পৰৱৰ্তী সময়ত এই বঁটা প্ৰৱৰ্তন কৰে।

এই বঁটাৰ পূৰ্বৰ অধিকাংশ বিজয়ীয়েই আমেৰিকাৰ নাগৰিক। এতিয়ালৈকে মাত্ৰ তিনিগৰাকী মহিলাই এই সন্মান লাভ কৰিছে। সৰ্বশেষে ২০২৩ চনত ক্লাউডিয়া গোল্ডিনে এই বঁটা লাভ কৰিছিল। আমেৰিকাত সময়ৰ লগে লগে লিংগভেদে মজুৰি আৰু নিয়োগৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পৰিছে, সেই বিষয়ত কৰা গৱেষণাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল।

ইফালে, ক্লেৰিভেটৰ অধীনস্থ ইনষ্টিটিউট ফৰ ছায়েণ্টিফিক ইনফৰ্মেশ্যনৰ এক বিশ্লেষণত মুদ্ৰানীতি, তথ্য-প্ৰযুক্তিৰ অৰ্থনীতি আৰু বিৱৰ্তনমূলক অৰ্থনৈতিক তত্ত্বৰ ওপৰত গৱেষণা কৰা কেইবাগৰাকীও বিজ্ঞানীক এইবাৰৰ সম্ভাৱ্য বঁটাপ্ৰাপক হিচাপে চিহ্নিত কৰা হৈছিল।

যোৱা বছৰৰ অৰ্থনীতিৰ নোবেল বঁটা জোৱেল মোকিৰ, ফিলিপ আগিয়ন আৰু পিটাৰ হাউইটে লাভ কৰিছিল। নতুন প্ৰযুক্তি আৰু উৎপাদন পদ্ধতিয়ে কেনেদৰে অৰ্থনৈতিক বিকাশ আৰু জীৱন-ধাৰণৰ মান উন্নত কৰিব পাৰে, সেই সম্পৰ্কে ‘সৃজনশীল ধ্বংস’ (Creative Destruction) বিষয়ত কৰা গৱেষণাৰ বাবে তেওঁলোকক এই সন্মান প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, সাহিত্য আৰু শান্তিৰ ক্ষেত্ৰত ২০২৬ চনৰ নোবেল বঁটাসমূহৰ ঘোষণা ইতিমধ্যে ঘোষণা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...