প্ৰযুক্তি আৰু বিজ্ঞানৰ ক্ষেত্ৰত অসম তথা সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীয়ে। আইআইটি খড়গপুৰৰ সৈতে সহযোগিতাৰে গৱেষকসকলে উদ্ভাৱন কৰিছে মানৱ মস্তিষ্কৰ কাৰ্যপদ্ধতিৰ আৰ্হিত নিৰ্মিত এক পোহৰ-সংবেদনশীল যন্ত্ৰ। এই নতুন প্ৰযুক্তিয়ে অতি কম শক্তি ব্যৱহাৰ কৰি ক্ষিপ্ৰতাৰে দৃশ্যগত তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ সক্ষম।
সাধাৰণতে কম্পিউটাৰ আৰু কেমেৰাত ছবি গ্ৰহণ, সংৰক্ষণ আৰু প্ৰক্ৰিয়াকৰণৰ বাবে পৃথক পৃথক ব্যৱস্থা ব্যৱহাৰ কৰা হয়। ফলত এই প্ৰক্ৰিয়াত অধিক শক্তিৰ প্ৰয়োজন হয়। ইয়াৰ বিপৰীতে মানৱ মস্তিষ্কই স্নায়ুকোষৰ মাজত থকা সংযোগস্থল ‘ছিনেপ্ছ’ৰ জৰিয়তে অতি কম শক্তি ব্যয় কৰি একে সময়তে তথ্য প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণ কৰিব পাৰে। মানৱ মস্তিষ্কৰ এই স্বাভাৱিক কাৰ্যপদ্ধতিৰ পৰা অনুপ্ৰাণিত হৈ গৱেষকসকলে নিৰ্মাণ কৰিছে অতি পাতল ‘কৃত্ৰিম ছিনেপ্ছ’।
আইআইটি গুৱাহাটীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক পি কে গিৰিৰ নেতৃত্বত প্ৰস্তুত কৰা এই যন্ত্ৰটো নিৰ্মাণত ‘MXene’ নেন’শ্বীট আৰু ‘P3HT’ নামৰ জৈৱ অৰ্ধপৰিবাহী পদাৰ্থ ব্যৱহাৰ কৰা হৈছে। কম খৰচী দ্ৰৱ-প্ৰক্ৰিয়াকৰণ পদ্ধতিৰে নিৰ্মিত এই যন্ত্ৰটোৱে পোহৰৰ চমু সংকেতৰ প্ৰতি সঁহাৰি জনোৱাৰ লগতে পোহৰ বন্ধ হোৱাৰ পাছতো তথ্য সংৰক্ষণ কৰি ৰাখিব পাৰে।
গৱেষণাৰ তথ্য অনুসৰি, নতুন যন্ত্ৰটোৱে বৰ্তমানৰ প্ৰচলিত যন্ত্ৰসমূহৰ তুলনাত প্ৰায় ৫০০ গুণ কম শক্তি ব্যৱহাৰ কৰে। এই বৈশিষ্ট্যই ভৱিষ্যতে শক্তি-সাশ্ৰয়ী ইলেক্ট্ৰনিকছ আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক প্ৰযুক্তিৰ বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে।
বিজ্ঞানীসকলৰ মতে, এই উদ্ভাৱনে ভৱিষ্যতে বুদ্ধিদীপ্ত মুখমণ্ডল চিনাক্তকৰণ, ৰবটৰ দৃষ্টিশক্তি আৰু চালকবিহীন স্মাৰ্ট বাহনৰ দৰে উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। পৰীক্ষাগাৰত কৰা পৰীক্ষাত যন্ত্ৰটোৱে মুখমণ্ডল চিনাক্তকৰণত ৯০ শতাংশ আৰু যান-বাহনৰ দৃশ্য বিভাজনৰ ক্ষেত্ৰত ৮৫ শতাংশ শুদ্ধতা প্ৰদৰ্শন কৰা বুলি জানিব পৰা গৈছে।
এই গৱেষণাত অধ্যাপক পি কে গিৰিৰ উপৰি সঞ্জয় ছুৰ ৰয়, ড° সঞ্জু নন্দী, দেবব্ৰত সাহু, গৰিমা চৌধুৰী, শশ্বতা গোস্বামী আৰু অধ্যাপক চন্দ্ৰ শেখৰ তিৱাৰীয়ে অংশগ্ৰহণ কৰিছে। গৱেষণাৰ ফলাফল আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনী ‘Carbon’ত প্ৰকাশ পাইছে।
আইআইটি গুৱাহাটী আৰু আইআইটি খড়গপুৰৰ গৱেষকসকলৰ এই উদ্ভাৱনে কম শক্তি ব্যৱহাৰ কৰি অধিক দক্ষতাৰে তথ্য প্ৰক্ৰিয়াকৰণ কৰিব পৰা ভৱিষ্যতৰ প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদৰ্শন কৰিছে।
