মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত। আজি পুৱা ৬ বাজি ৩০ মিনিটত হাফলং উপ-কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে অমৃতপ্ৰভাই। কাৰাগাৰৰ সকলো আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছত মাতৃ আৰু ভগ্নীৰ সৈতে এখন ক’লা ৰঙৰ থাৰ বাহনত কাৰাগাৰৰ পৰা ওলাই যায় তেওঁ।

সোমবাৰে নিশাই অমৃতপ্ৰভাক কাৰাগাৰৰ পৰা মুকলি কৰি নিবলৈ হাফলঙত উপস্থিত হৈছিল পৰিয়ালৰ লোক। আজি পুৱা প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছত পৰিয়ালে লগত লৈ যায় অমৃতপ্ৰভাক।

উল্লেখ্য যে, প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰৰ য়টত উপস্থিত আছিল অমৃতপ্ৰভা মহন্ত। এই ঘটনাৰ সৈতে জড়িত গোচৰত প্ৰায় এবছৰ ধৰি কাৰাবন্দী হৈ আছিল তেওঁ। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল অমৃতপ্ৰভাই। ৫০ হাজাৰ টকাৰ বণ্ডত জামিন মঞ্জুৰ হোৱাৰ পাছতে আজি কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে তেওঁ।

ইফালে, অমৃতপ্ৰভা মহন্তই কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলেও হাফলং কাৰাগাৰত বৰ্তমানেও কাৰাবন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চলি থকা গোচৰৰ মাজতে অমৃতপ্ৰভা মহন্তৰ এই মুক্তিয়ে বিশেষ চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...