ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক ধৰ্ষণ, অপৰাধমূলক ভাবুকি আৰু মাৰপিটৰ দৰে গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ডুমডুম আৰক্ষী থানাৰ অন্তৰ্গত ইমামী চিটিৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

  • ভুক্তভোগী ছাত্ৰীগৰাকীয়ে যোৱা জুন মাহতে আৰক্ষীক অভিযোগ দিছিল যে ক্ৰিকেটাৰজনৰ সৈতে তেওঁৰ বিগত তিনি বছৰ ধৰি সম্পৰ্ক আছিল। বিবাহৰ ভুৱা প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ লগতে মাৰপিট আৰু অপৰাধমূলক ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। এই গোচৰৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ে আৰক্ষীক ক্ৰিকেটাৰজনক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।
  • এজাহাৰ অনুসৰি, ভুক্তভোগী ছাত্ৰীগৰাকীক অবৈধভাৱে আৱদ্ধ কৰি ৰখা হৈছিল, আহাৰ যোগান ধৰাত বাধা দিয়া হৈছিল আৰু একাশৰীয়াকৈ ৰখা হৈছিল। ফলত ছাত্ৰীগৰাকী শাৰীৰিকভাৱে অত্যন্ত দুৰ্বল হৈ পৰে আৰু চিকিৎসালয়ত ভৰ্তি হ’বলগা হয়। ক্ৰিকেটাৰ অভিষেক পোৰেলে ইয়াৰ পূৰ্বে এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰিছিল।
  • ২০২৩ চনৰ পৰা আই পি এলত দিল্লী কেপিটেলছৰ হৈ ধাৰাবাহিকভাৱে খেলি অহা বাওঁহতীয়া বেটাৰ অভিষেক পোৰেলে ইয়াৰ পূৰ্বে ইণ্ডিয়া ‘A’ দলৰ হৈ UK আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল। তেওঁ বেংগলৰ হৈ ৩২খন প্ৰথম শ্ৰেণীৰ মেচ আৰু ২৩খন লিষ্ট ‘A’ মেচ খেলিছে।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...