মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক (ISRO) ‘আৰ্টেমিস একৰ্ডছ’ (Artemis Accords)-ৰ অধীনত নিজৰ Moon Base programmeত যোগ দিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছে। ইয়াৰ উপৰিও মুক্ত বৈজ্ঞানিক তথ্য ভাগ-বাটোৱাৰা (Open scientific data sharing) আৰু দ্বিপাক্ষিক মহাকাশ সহযোগিতা বৃদ্ধিৰ বাবে দুয়োখন দেশ সন্মত হৈছে।

  • বেংগালুৰুস্থিত ইছৰোৰ মুখ্য কাৰ্যালয়ত ৫ আৰু ৬ আগষ্টত ‘ভাৰত-আমেৰিকা অসামৰিক মহাকাশ যৌথ কাৰ্যকৰী গোট’ৰ (India-US Civil Space Joint Working Group) নবমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ইছৰোৰ অধ্যক্ষ ড° ভি নাৰায়ণন আৰু ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূত চাৰ্জিও গোৰে অংশগ্ৰহণ কৰে।
  • দুয়োখন দেশৰ মাজত ‘ট্ৰাষ্ট’ (TRUST – Transforming the Relationship Utilizing Strategic Technology) পদক্ষেপৰ অধীনত অসামৰিক তথা বাণিজ্যিক মহাকাশ খণ্ডত সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ বিষয়ে আলোচনা হয়।
  • বিগত বৰ্ষত সফলভাৱে উৎক্ষেপণ কৰা ‘নাছা-ইছৰো চিণ্ডেটিক এপাৰচাৰ ৰাডাৰ’ (NISAR) মিছনৰ সাফল্যৰ পাছত ভৱিষ্যতে বিজ্ঞান আৰু মানৱ মহাকাশ উৰণ প্ৰযুক্তিৰ (Human space flight technology) ক্ষেত্রত একেলগে কাম কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
  • ৰাষ্ট্ৰসংঘৰ ‘মহাকাশ কাৰ্যসূচীৰ দীৰ্ঘম্যাদী স্থায়িত্ব’ (COPUOS) সংক্রান্তীয় নীতি-নিৰ্দেশনাসমূহ মানি চলি মহাকাশৰ নিৰাপত্তা আৰু মহাকাশ গৱেষণাক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিও দুয়োপক্ষই পুনৰাবৃত্তি কৰে।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...