দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শুক্ৰবাৰে এক নতুন স্পষ্টীকৰণ জাৰি কৰিছে। মন্ত্ৰালয়ে কয় যে দেশত ই-২০ (E20 – ২০ শতাংশ ইথানল যুক্ত) ইন্ধনৰ প্ৰচলন অত্যন্ত পৰিকল্পিত আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা হৈছে। এই প্ৰক্ৰিয়াত অটো’ম’বাইল নিৰ্মাতা কোম্পানীসমূহৰ সম্পূৰ্ণ সন্মতি আছে। বাহনৰ ইঞ্জিনৰ ক্ষতি, ইন্ধনৰ মূল্য আৰু যোগানক লৈ একাংশ মহলে প্ৰকাশ কৰা আশংকাক মন্ত্ৰালয়ে “ভ্ৰান্ত তথ্য” বা “উৰাবাতৰি” বুলি খাৰিজ কৰে।
সঘনাই সোধা প্ৰশ্নৰ (FAQs) উত্তৰ হিচাপে মন্ত্ৰালয়ে এই বিতং স্পষ্টীকৰণ প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে যোৱা ২৩ জুনতো মন্ত্ৰালয়ে অনুৰূপ স্পষ্টীকৰণ দিছিল আৰু ৪ জুলাইত অটো’ম’বাইল নিৰ্মাতাসকলেও সংবাদমেলযোগে ৰাইজক আশ্বস্ত কৰিছিল। ইয়াৰ পাছতো ছচিয়েল মিডিয়াত চলি থকা অপপ্ৰচাৰৰ বাবে মন্ত্ৰালয়ে এই নতুন বিবৃতি জাৰি কৰিবলগীয়া হয়।
ভাৰতে ইথানল মিশ্ৰণৰ হাৰ খৰখেদাকৈ বৃদ্ধি কৰা বুলি উত্থাপিত অভিযোগ নাকচ কৰি মন্ত্ৰালয়ে কয় যে এই কাৰ্যসূচী দুই দশকৰো পুৰণি। ২০০১ চনতে ইয়াৰ পাইলট প্ৰকল্প আৰম্ভ হৈছিল। ইয়াৰ পিছত ২০১৩ চনৰ নীতিগত পদক্ষেপ, ২০১৮ চনৰ জৈৱ ইন্ধন ৰাষ্ট্ৰীয় নীতি আৰু ২০২১ চনৰ পৰা উৎপাদন ক্ষমতাৰ ব্যাপক সম্প্ৰসাৰণৰ জৰিয়তেহে আজিৰ পৰ্যায় পাইছেহি। ২০২০-২১ বৰ্ষত যি ইথানল মিশ্ৰণৰ হাৰ ৮.১ শতাংশ আছিল, সেয়া পৰ্যায়ক্ৰমে বৃদ্ধি কৰি চলিত ২০২৫-২৬ বৰ্ষৰ নৱেম্বৰ-জুন মাহৰ ভিতৰত ২০ শতাংশ (E20) কৰা হৈছে।
পুৰণি বাহনসমূহ সুৰক্ষিতনে?
পুৰণি বাহন ব্যৱহাৰকাৰীসকলৰ চিন্তা দূৰ কৰি মন্ত্ৰালয়ে কয় যে ই-২০ ইন্ধন বজাৰলৈ অনাৰ পূৰ্বে ব্যাপক পৰীক্ষাগাৰ পৰীক্ষণ আৰু ফিল্ড ভেলিডেশ্যন (ক্ষেত্ৰভিত্তিক পৰীক্ষা) কৰা হৈছিল। ই-২০ ৰ বাবে ইঞ্জিন বেয়া হোৱা বা মামৰে ধৰাৰ কোনো ব্যাপক প্ৰমাণ পোৱা হোৱা নাই।
দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ‘মাৰুতি সুজুকি’ৰ তথ্য দাঙি ধৰি মন্ত্ৰালয়ে কয় যে কোম্পানীটোৱে ২০২৫-২৬ বৰ্ষত প্ৰায় ২.৮৪ কোটি বাহন ছাৰ্ভিচিং কৰিছিল। ইয়াৰ ভিতৰত ১.৫ কোটি বাহনেই আছিল পুৰণি, যিবোৰ ই-২০ প্ৰমাণিত (Non-E20 certified) নাছিল। কিন্তু ইয়াৰ এটাও বাহনত ই-২০ ইন্ধনৰ বাবে মামৰে ধৰা বা ইঞ্জিন নষ্ট হোৱাৰ তথ্য পোৱা নগ’ল। দুচকীয়া বাহন নিৰ্মাতা ‘হিৰো মটোকৰ্প’ৰ ক্ষেত্ৰতো একেই ইতিবাচক ফলাফল দেখা গৈছে।
মন্ত্ৰালয়ে লগতে স্পষ্ট কৰে যে পুৰণি বাহনৰ মেনুৱেলত ‘E10 কম্পেটিবল’ (E10 উপযোগী) বুলি লিখা থকাৰ অৰ্থ এইটো নহয় যে সেইবোৰত ই-২০ ব্যৱহাৰ কৰিলে বিপদ হ’ব। বাহনখন যি সময়ত নিৰ্মাণ কৰা হৈছিল, সেই সময়ৰ ইন্ধনৰ উপলব্ধতাৰ ওপৰত ভিত্তি কৰিহে সেয়া লিখা হৈছিল।
কিয় সুকীয়া সুকীয়া পেট্ৰ’ল (Pure Petrol বা E10) উপলব্ধ নহয়?
গ্ৰাহকক পচন্দৰ ভিত্তিত বিশুদ্ধ পেট্ৰ’ল, ই-১০ বা ই-২০ ইন্ধন বাছনি কৰাৰ সুবিধা দিয়াৰ দাবী সন্দৰ্ভত মন্ত্ৰালয়ে কয় যে দেশজুৰি বিভিন্ন গ্ৰেডৰ পেট্ৰ’লৰ বাবে সুকীয়া পৰিবহন আৰু যোগান শৃংখল (Logistics) বজাই ৰখাটো অত্যন্ত কঠিন আৰু ইয়াৰ ফলত ইন্ধন বিতৰণৰ খৰচ বহুখিনি বৃদ্ধি পাব।
লগতে, দেশত ইথানল উৎপাদন আৰু আন্তঃগাঁথনিৰ বাবে ইতিমধ্যে প্ৰায় ১ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। এতিয়া পুনৰ পুৰণি ব্যৱস্থালৈ ঘূৰি গ’লে কৃষক, সমবায় সমিতি, বেংক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ এই বৃহৎ বিনিয়োগ অথলে যাব।
ই-২০ ইন্ধনৰ মূল্য কিয় কম নহয়?
মন্ত্ৰালয়ে স্বীকাৰ কৰিছে যে ই-২০ ইন্ধন ব্যৱহাৰ কৰিলে বাহনৰ মাইলেজ (Fuel Economy) ৩ ৰ পৰা ৫ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে। কিন্তু ইয়াৰ বিপৰীতে ই-২০ এ অধিক অকটেন ভেলু, উন্নত দহন ক্ষমতা (Combustion), কম কাৰ্বন নিৰ্গমন আৰু দেশৰ শক্তি সুৰক্ষা নিশ্চিত কৰে।
পেট্ৰ’লতকৈ ই-২০ ইন্ধন কিয় সস্তা নহয়— তাৰ কাৰণ দৰ্শাই মন্ত্ৰালয়ে কয় যে বৰ্তমান কৰ আৰু পৰিবহন খৰচৰ পূৰ্বে দেশীয়ভাৱে উৎপাদিত ইথানলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ৭১.৮৬ টকা। ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭০ মাৰ্কিন ডলাৰৰ আশে-পাশে থকাৰ বাবে বিশুদ্ধ পেট্ৰ’লতকৈ ই-২০ উৎপাদন কৰাটো অধিক খৰচমিঠা হয়। ইথানল মিশ্ৰণৰ মূল লক্ষ্য হৈছে আমদানি কৰা খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু বিশ্ব বজাৰৰ মূল্যৰ উঠা-নমাৰ পৰা গ্ৰাহকক সুৰক্ষা দিয়া, পেট্ৰ’লৰ দাম কমোৱা নহয়।
দেশৰ বৃহৎ লাভ:
চৰকাৰী তথ্য অনুসৰি, এই ইথানল মিশ্ৰণ কাৰ্যসূচীৰ জৰিয়তে এতিয়ালৈকে ভাৰতে:
- ১.৯৭ লাখ কোটিতকৈও অধিক টকাৰ বৈদেশিক মুদ্ৰা সাঁচিবলৈ সক্ষম হৈছে।
- প্ৰায় ৩১৬ লাখ মেট্ৰিক টন খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰিছে।
- প্ৰায় ৯৫২ লাখ মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰিছে।
- দেশৰ কৃষকসকললৈ ১.৬৬ লাখ কোটিতকৈও অধিক টকা হস্তান্তৰ কৰা হৈছে।
শেহতীয়াকৈ মন্ত্ৰালয়ে গ্ৰাহকসকলক ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কোনো ধৰণৰ অপপ্ৰচাৰ, উৰাবাতৰি বা অসমৰ্থিত বিষয়বস্তুৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ অনুৰোধ জনাইছে।
