বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যৰ অভিলাষী বাজেট উত্থাপন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ নতুন কাৰ্যকালৰ এইখন প্ৰথমখন বাজেট। ২০৪৭ চনৰ ভিতৰত অসমক এক উৎপাদনশীল, অন্তৰ্ভুক্তিমূলক আৰু জলবায়ু-সহনশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই বাজেটত “অষ্টাদশ মুকুতাৰ উন্নয়নী মালা” নামৰ ১৮খন ধ্বজাবাহী আঁচনিৰ এক খতিয়ান দাঙি ধৰা হৈছে।
চলিত বিত্তীয় বৰ্ষৰ লেনদেনৰ ফলত ৩,২২৫ কোটি টকাৰ ৰাজহ ৰাহি হোৱাৰ আশা কৰা হৈছে। একত্ৰিত পুঁজিৰ (Consolidated Fund) অধীনত মুঠ প্ৰাপ্তি ১,৫১,৮৪৩.২৩ কোটি টকা আৰু ব্যয় ১,৫৬,৭১৪.৮৮ কোটি টকা বুলি অনুমান কৰা হৈছে।
বাজেটৰ মুখ্য আকৰ্ষণ আৰু গুৰুত্বপূৰ্ণ ঘোষণাসমূহ:
- বৃহৎ নিয়োগ অভিযান: অহা পাঁচ বছৰত ৰাজহুৱা খণ্ড, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু সংবিধিবদ্ধ সংস্থাসমূহত অতিৰিক্ত ২ লাখ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
- কঠোৰ সামাজিক সংস্কাৰ আৰু কল্যাণমূলক আঁচনিৰ নীতি: লিংগ ন্যায় আৰু দায়বদ্ধ পাৰিবাৰিক প্ৰমূল্যবোধক প্ৰসাৰিত কৰিবলৈ চৰকাৰে এক ডাঙৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি, বহুবিবাহ কৰা কোনো পুৰুষে ৰাজ্য চৰকাৰৰ কল্যাণমূলক আঁচনিৰ সুবিধা লাভ নকৰিব। তদুপৰি, বহুবিবাহত লিপ্ত থকা চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে নিয়ম সংশোধন কৰা হ’ব। দোষী সাব্যস্ত অপৰাধী সকলো চৰকাৰী কল্যাণমূলক আঁচনিৰ পৰা বঞ্চিত হ’ব।
- কল্যাণমূলক আঁচনিৰ সালসলনি: প্ৰায় ৪০ লাখ পৰিয়ালক সামৰি লোৱা অত্যন্ত জনপ্ৰিয় ‘অৰুণোদয়’ আঁচনিৰ ধন অহা আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ’ব। ইয়াৰ উপৰি এন.এফ.এছ.এ. (NFSA) ৰেচন কাৰ্ড ধাৰীসকলক ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰা হ’ব। আনহাতে, এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত বিনামূলীয়া স্কুটী বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ’ব। এই সঞ্চিত ধন ‘নিজুত মইনা’ আৰু ‘নিজুত বাবু’ ছাত্ৰবৃত্তি আঁচনি শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।
- গুৱাহাটী এৰ’ট্ৰ’পলিচ আৰু উপগ্ৰহ চহৰ (Satellite City): আধুনিক নগৰীকৰণৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে-পাশে এটা এৰ’ট্ৰ’পলিচ নিৰ্মাণ কৰা হ’ব। ইয়াৰ ভূমি অধিগ্ৰহণৰ বাবে ২,১০০ কোটি টকা ধাৰ্য কৰা হৈছে।
- ডিব্ৰুগড়ক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল (SCR) ঘোষণা: চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল হিচাপে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে আৰু ইয়াৰ বাবে এক সুকীয়া উন্নয়ন কৰ্তৃপক্ষ গঠন কৰিছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা পাঁচ বছৰত ৫০০ কোটি টকা আবণ্টন দিয়া হৈছে।
- কৰ ৰেহাই আৰু নতুন গ্ৰীণ চেচ (Green Cess): পাইপলাইন যুক্ত প্ৰাকৃতিক গেছ (PNG)ৰ ওপৰত ভেট (VAT) ১৪.৫% ৰ পৰা ৫% লৈ হ্ৰাস কৰা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দি কৃষি আয়কৰ ৰেহাইৰ সীমা ২.৫ লাখ টকাৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে, পৰিৱেশ প্ৰদূষণকাৰী গোট যেনে— শিল ভঙা মেচিন (Stone Crusher), ইটাভাটা আৰু বাণিজ্যিকভাৱে ভূগৰ্ভস্থ পানী নিষ্কাষণ কৰা গোটসমূহৰ ওপৰত নতুনকৈ ‘গ্ৰীণ চেচ’ আৰোপ কৰা হ’ব।
শক্তি আৰু আন্তঃগাঁথনিৰ উন্নয়ন:
ৰাজ্যখনক শক্তিক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবলৈ জলবিদ্যুৎ, সৌৰ আৰু তাপবিদ্যুৎ প্ৰকল্পত ৭৭,৩৫৩ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ভিতৰত ১২০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পৰীক্ষামূলক মুকলি আৰু বিলাসীপাৰাত ৩,২০০ মেগাৱাট ক্ষমতাৰ এটা তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত হৈছে। তদুপৰি, গুৱাহাটীৰ মুকলি বিদ্যুৎ পৰিবাহী তাৰসমূহ ভূগৰ্ভস্থ কেবল নেটৱৰ্কলৈ ৰূপান্তৰ কৰিবলৈ ২,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে।
পথ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ ‘অসম মালা ৪.০’ৰ অধীনত অহা পাঁচ বছৰত ১০,০০০ কোটি টকা ব্যয়েৰে আন ৮০০ কিলোমিটাৰ উচ্চ মানদণ্ডৰ ঘাইপথ নিৰ্মাণ কৰা হ’ব।
শীৰ্ষ বিভাগীয় বাজেট আবণ্টন (২০২৬-২৭):
তৃণমূল পৰ্যায়ৰ বিকাশৰ বাবে বিত্তমন্ত্ৰীয়ে বিভিন্ন প্ৰশাসনিক বিভাগৰ বাবে গুৰুত্বপূৰ্ণ বাজেট অনুদানৰ প্ৰস্তাৱ কৰিছে:
| বিভাগ | বাজেট আবণ্টন (কোটি টকাত) |
| বিদ্যালয় শিক্ষা বিভাগ | ₹১৮,৮৬৯ |
| গড়কাপ্তানি (পথ) বিভাগ | ₹১০,৩৯৯ |
| পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ | ₹৯,১৭১ |
| গৃহ আৰু ৰাজনৈতিক বিভাগ | ₹৭,৮৩৫ |
| স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ | ₹৪,৬৩৫ |
| গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ | ₹৪,৪১৩ |
| বড়োলেণ্ড কল্যাণ বিভাগ | ₹৪,০২৮ |
| মহিলা আৰু শিশু বিকাশ | ₹৩,৮०० |
বাজেট ভাষণৰ সামৰণিত বিত্তমন্ত্ৰী মল্লবৰুৱাই কয়, “বিগত এটা দশকত অসমে অস্থিৰতাৰ পৰা শান্তিৰ দিশলৈ, অৱহেলাৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰলৈ আৰু অনিশ্চয়তাৰ পৰা নিৰ্ণায়ক উন্নয়নৰ দিশলৈ গতি কৰিছে।” এই বাজেটে অসমক দেশৰ অন্যতম প্ৰধান বিকাশৰ ইঞ্জিন হিচাপে বৰ্তাই ৰাখিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।
