ৰক্তদানক সাধাৰণতে মুমূৰ্ষু ৰোগীৰ প্ৰাণ ৰক্ষা কৰাৰ এক মহান কাৰ্য হিচাপে গণ্য কৰা হয়। কিন্তু আপুনি যেতিয়া নিয়মীয়াকৈ ৰক্তদান কৰে, তেতিয়া আপোনাৰ নিজৰ শৰীৰৰ ভিতৰত কি ঘটে? সঘনাই কৰা ৰক্তদানে আপোনাক সময়ৰ লগে লগে দুৰ্বল কৰি পেলাই নেকি? হেৰুওৱা তেজখিনি কিদৰে পুনৰুদ্ধাৰ কৰা হয়?
নতুন দিল্লীৰ ছাকেটস্থিত মেক্স হাস্পতালৰ ট্ৰান্সফিউজন মেডিচিন (Transfusion Medicine) বিভাগৰ জ্যেষ্ঠ সঞ্চালক ডাঃ সংগীতা পাঠকৰ মতে, ৰক্তদানৰ সময়ত শৰীৰে যি হেৰুৱায়, তাক অতি দক্ষতাৰে পুনৰ তৈয়াৰ কৰি ল’ব পাৰে। নিয়মীয়া ৰক্তদাতাসকলৰ শৰীৰত কিছুমান শাৰীৰিক পৰিৱৰ্তন নিশ্চয় ঘটে, কিন্তু যেতিয়া চিকিৎসা বিজ্ঞানৰ নিয়মীয়া সীমাৰ ভিতৰত থাকি ৰক্তদান কৰা হয়, তেতিয়া এই পৰিৱৰ্তনবোৰ অস্থায়ী আৰু সহজে চম্ভালিব পৰা বিধৰ হয়।
ৰক্তদানৰ পিছত শৰীৰত কি ঘটে?
ৰক্তদানৰ পিছত শৰীৰে আটাইতকৈ প্ৰথমতে ইয়াৰ তৰল পদাৰ্থৰ পৰিমাণ (Fluid volume) পূৰণ কৰে।
“এবাৰ সম্পূৰ্ণ ৰক্তদান (Whole blood donation) কৰিলে শৰীৰৰ পৰা প্ৰায় ১ ইউনিট অৰ্থাৎ ৩৫০ ৰ পৰা ৪৫০ মিলিলিটাৰ তেজ কমে। অৱশ্যে, ৰক্তদাতাজনে যদি পৰ্যাপ্ত পৰিমাণে পানী বা তৰল খাদ্য গ্ৰহণ কৰে, তেন্তে ২৪ ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত প্লাজমাৰ পৰিমাণ (Plasma volume) পুনৰ স্বাভাৱিক হৈ পৰে,” ডাঃ পাঠকে বুজাই দিয়ে।
শৰীৰৰ এই পুনৰুদ্ধাৰ প্ৰক্ৰিয়া ইমানতে থমকি ৰৈ নাযায়। তেজৰ লোহিত ৰক্ত কণিকা (Red blood cells) কমি যোৱাৰ ফলত বৃক্কই (Kidney) তৎক্ষণাত সঁহাৰি জনায়।
বিশেষজ্ঞগৰাকীৰ মতে, “যেতিয়া লোহিত ৰক্ত কণিকা হ্ৰাস পায়, তেতিয়া বৃক্কত থকা বিশেষ ধৰণৰ ‘পেৰিটুবুলাৰ কোষ’বোৰে (Peritubular cells) শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যোৱাটো ধৰা পেলায়। ইয়াৰ সঁহাৰি স্বৰূপে তেওঁলোকে এৰিথ্ৰ’পইটিন (Erythropoietin) বা EPO নামৰ এটা হৰমন নিঃসৰণ কৰে। এই হৰমনে অস্থিমজ্জাক (Bone marrow) নতুন লোহিত ৰক্ত কণিকা উৎপাদন বৃদ্ধি কৰিবলৈ সংকেত দিয়ে।”
তেওঁ লগতে কয় যে শৰীৰে এই প্ৰক্ৰিয়াটো অতি খৰটকীয়াকৈ আৰম্ভ কৰে যদিও সম্পূৰ্ণ পৈণত লোহিত ৰক্ত কণিকা প্ৰস্তুত হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়।
“EPO-এ অস্থিমজ্জাক সক্ৰিয় কৰি তোলে, কিন্তু লোহিত ৰক্ত কণিকাবোৰ সম্পূৰ্ণৰূপে পৰিপক্ক হ’বলৈ সাধাৰণতে ৯০ ৰ পৰা ১২০ দিন সময় লাগে।”
আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে শৰীৰৰ আইৰণ বা লোহাৰ মাত্ৰাত। ডাঃ পাঠকে উল্লেখ কৰে যে প্ৰতি ইউনিট সম্পূৰ্ণ ৰক্তদানৰ ফলত শৰীৰৰ পৰা প্ৰায় ২২০ৰ পৰা ২৫০ মিলিগ্ৰাম আইৰণ ওলাই যায়।
নিয়মীয়া ৰক্তদানৰ সম্ভাৱ্য স্বাস্থ্য উপকাৰিতা
যেতিয়া সঠিক নিয়ম আৰু সুৰক্ষা নিৰ্দেশনা মানি চলি ৰক্তদান কৰা হয়, তেতিয়া ই শৰীৰক কিছুমান অতিৰিক্ত স্বাস্থ্যজনিত উপকাৰো প্ৰদান কৰিব পাৰে:
- অধিক আইৰণ জমা হোৱাত বাধা দিয়ে: পুৰুষ আৰু ঋতুস্ৰাৱ বন্ধ হোৱা (Postmenopausal) মহিলাসকলৰ শৰীৰত সময়ৰ লগে লগে অতিৰিক্ত আইৰণ জমা হোৱাৰ প্ৰৱণতা থাকে, কিয়নো তেওঁলোকৰ নিয়মীয়া ঋতুস্ৰাৱৰ দৰে তেজ বাহিৰ নহয়। ৰক্তদানে শৰীৰৰ এই অতিৰিক্ত আইৰণ হ্ৰাস কৰি এক ‘প্ৰাকৃতিক প্ৰেচাৰ ভাল্ভ’ৰ দৰে কাম কৰে। ডাঃ পাঠকে বুজাই দিয়ে যে অতিৰিক্ত আইৰণে শৰীৰত অক্সিডেটিভ চাপ (Oxidative stress) বৃদ্ধি কৰিব পাৰে আৰু ই লিভাৰ তথা ৰক্তবাহী নলীৰ ক্ষতি কৰিব পাৰে।
- তেজৰ চলাচল সুচল কৰে: নিয়মীয়া ৰক্তদানে তেজৰ ডাঠভাব (Viscosity) সামান্য পৰিমাণে হ্ৰাস কৰে। তেজ পাতল হ’লে ৰক্তবাহী নলীবোৰৰ মাজেৰে ই অতি সহজে আৰু সুচলভাৱে চলাচল কৰিব পাৰে, যাৰ ফলত ধমনীৰ বেৰত ঘৰ্ষণ কম হয়। ই হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে।
- নিয়মীয়া স্বাস্থ্য পৰীক্ষা: ৰক্তদানৰ আন এটা আওকাণ কৰিব নোৱাৰা লাভ হ’ল ইয়াৰ সৈতে জড়িত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা। প্ৰতিবাৰ ৰক্তদানৰ পূৰ্বে ৰক্তচাপ (Blood pressure), পালছ ৰেট (Pulse rate) আৰু হিম’গ্লবিনৰ মাত্ৰা পৰীক্ষা কৰা হয়। এই পৰীক্ষাবোৰে কেতিয়াবা হৃদযন্ত্ৰ বা তেজৰ কোনো প্ৰাৰম্ভিক বিসংগতি ধৰা পেলোৱাত আগতীয়াকৈ সহায় কৰে।
সুৰক্ষিতভাৱে কেনেকৈ ৰক্তদান কৰিব?
যদিও সুস্থ ব্যক্তিৰ বাবে নিয়মীয়া ৰক্তদান সম্পূৰ্ণ সুৰক্ষিত, তথাপিও ডাঃ পাঠকে দুবাৰ ৰক্তদানৰ মাজৰ নিৰ্ধাৰিত সময়ছোৱা মানি চলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।
“ৰক্তদাতাসকলৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ ৰক্তদান কেন্দ্ৰসমূহে কঠোৰ নিয়মাৱলী মানি চলে। সম্পূৰ্ণ ৰক্তদানৰ ক্ষেত্ৰত, পুৰুষৰ বাবে এই ব্যৱধান সাধাৰণতে ৯০ দিন আৰু মহিলাৰ বাবে ১২০ দিন হোৱা উচিত,” ডাঃ পাঠকে কয়।
তেওঁ জোৰ দি কয় যে এই নিয়মসমূহ এইবাবেই প্ৰস্তুত কৰা হৈছে যাতে শৰীৰে তেজৰ উপাদানসমূহ পুনৰ গঠন কৰিবলৈ আৰু আইৰণৰ মাত্ৰা স্বাভাৱিক কৰিবলৈ পৰ্যাপ্ত সময় পায়।
Disclaimer: এই প্ৰবন্ধত উল্লেখ কৰা পৰামৰ্শ আৰু তথ্যসমূহ কেৱল সাধাৰণ সজাগতাৰ বাবেহে আগবঢ়োৱা হৈছে। ইয়াক কোনো পেচাদাৰী চিকিৎসা পৰামৰ্শ বুলি গণ্য কৰিব নালাগে।
