ত্ৰিৰংগাৰ পোহৰেৰে উজলি উঠিল ডুবাইৰ বুৰ্জ খলিফা

ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা ডুবাইৰ বিখ্যাত ‘বুৰ্জ খলিফা’ ভাৰতীয় জাতীয় পতাকা ত্ৰিৰংগাৰে উজলাই তোলা হয়। ১৫ আগষ্টৰ সন্ধিয়া গেৰুৱা, বগা আৰু সেউজীয়া পোহৰৰ মায়াজালৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি ডুবাইৰ আকাশত ভাৰতৰ প্ৰতি এক বিশেষ আৰু দৃষ্টিনন্দন সন্মান প্ৰদৰ্শন কৰা হয়।

সংযুক্ত আৰব আমিৰাতত (UAE) বসবাস কৰা লাখ লাখ ভাৰতীয় আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা লোকসকলৰ বাবে এই বিশেষ দৃশ্য অত্যন্ত গৌৰৱ আৰু আৱেগৰ ক্ষণ হৈ পৰে। এই বিশেষ পোহৰৰ অনুষ্ঠানে ভাৰত আৰু সংযুক্ত আৰব আমিৰাতৰ মাজৰ গভীৰ বন্ধুত্ব তথা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ প্ৰতীক ৰূপতো ধৰা দিয়ে।

বুৰ্জ খলিফাত ত্ৰিৰংগা প্ৰদৰ্শনৰ এই দৃশ্য সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰাৰ লগতে দেশপ্ৰেমমূলক বাৰ্তাৰে ভাইৰেল হৈ পৰে। উল্লেখযোগ্য যে, দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সমগ্ৰ দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...