অ’লা, উবেৰ আৰু ৰেপিড’ক এপৰ পৰা ‘আগতীয়া টিপ’ৰ বিকল্প আঁতৰাবলৈ কেন্দ্ৰৰ কঠোৰ নিৰ্দেশ

অ’লা (Ola), উবেৰ (Uber) আৰু ৰেপিড’ (Rapido)ৰ দৰে কেব সেৱা প্ৰদানকাৰী সংস্থাসমূহক তেওঁলোকৰ ম’বাইল এপৰ পৰা যাত্ৰাৰ পূৰ্বে টিপ দিয়াৰ বিকল্প (Pre-ride tip option) আঁতৰাবলৈ কেন্দ্ৰীয় চৰকাৰে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে মটৰ বাহন এগ্ৰিগেটৰ নিৰ্দেশনাৱলী কঠোৰভাৱে পালন কৰাৰ উদ্দেশ্যে সকলো ৰাইড এগ্ৰিগেটৰক এই নিৰ্দেশনা প্ৰেৰণ কৰিছে।

মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হৈছিল যে বিভিন্ন কেব বুকিং এপত যাত্ৰা নিশ্চিত বা আৰম্ভ হোৱাৰ পূৰ্বেই ‘Advance Tip’ বা ‘টিপ দিলে সোনকালে চালক পোৱাৰ সম্ভাৱনা বাঢ়িব’ আদিৰ দৰে বিকল্প দেখুওৱা হয়। চৰকাৰে স্পষ্ট কৰি দিছে যে যাত্ৰীসকলক আগতীয়াকৈ অতিৰিক্ত ধন দিবলৈ বাধ্য কৰোৱা বা প্ৰলোভন দিয়া এনে ব্যৱস্থা উপভোক্তা সুৰক্ষা আইন, ২০১৯ৰ সম্পূৰ্ণ পৰিপন্থী।

নতুন নিৰ্দেশনা অনুসৰি, যাত্ৰীসকলে কেৱল যাত্ৰা সমাপ্ত হোৱাৰ পিছতহে নিজৰ ইচ্ছামতে টিপ দিয়াৰ বিকল্প দেখিবলৈ পাব। বুকিং কৰাৰ সময়ত বা যাত্ৰা চলি থকা অৱস্থাত এনে কোনো বিকল্প উপলব্ধ থাকিব নোৱাৰিব। লগতে, টিপৰ সৈতে যাত্ৰা নিশ্চিত হোৱা, চালক আৱণ্টন বা সেৱাৰ মান নিৰ্ভৰ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও যাত্ৰা শেষ হোৱাৰ পিছত যাত্ৰীয়ে আগবঢ়োৱা টিপৰ সম্পূৰ্ণ ধন চালকজনেই লাভ কৰিব লাগিব আৰু কোনো এগ্ৰিগেটৰ কোম্পানীয়ে ইয়াৰ পৰা কোনো অংশ কৰ্তন কৰিব নোৱাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...