ঢকুৱাখনাৰ এগৰাকী যুৱতীৰ কঠোৰ জীৱন সংগ্ৰাম; যুঁজাৰু মানসিকতাৰে চলাইছে ঘৰ, সহস্ৰজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ৰাজশ্ৰী

ঢকুৱাখনাৰ দেৱলীয়া গাঁৱৰ ৰাজশ্ৰী বৰাই আজি অসমৰ বহু যুৱতীৰ বাবে এক প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। হায়াৰ ছেকেণ্ডাৰীত ৮২ শতাংশ নম্বৰেৰে উৰ্ত্তীৰ্ণ হোৱা এই যুৱতীগৰাকীয়ে পিতৃৰ ৰোগ আৰু আৰ্থিক অসুবিধাৰ বাবে ঘৰ চলোৱাৰ বাবে বাছি লৈছে এটা ব্যতিক্ৰমী পথ — ৰাজপথত ই-ৰিক্সা চলোৱা।

পিতৃ মনোজ বৰা আৰু মাতৃ ৰুবী বৰাৰ কন্যা ৰাজশ্ৰী। পিতৃ ৰুগীয়া হোৱাৰ বাবে চাৰিজনীয়া পৰিয়ালটো চলোৱাৰ দায়িত্ব পৰিছে তেওঁৰ কান্ধত। ঘৰতে থকা ই-ৰিক্সাখন লৈ তেওঁ নামি পৰিছে ৰাজপথত। প্ৰায় ছমাহ ধৰি ই-ৰিক্সা চলাই তেওঁ কেৱল পৰিয়াল চলোৱাই নহয়, দেউতাকৰ চিকিৎসাও চলাই আছে।

দিনটোৰ কঠোৰ পৰিশ্ৰমৰ মাজতে ৰাজশ্ৰীয়ে নিজৰ পঢ়া-শুনাও অব্যাহত ৰাখিছে। বৰ্তমান তেওঁ ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। হাজাৰ সপোন বুকুত বান্ধি এই যুৱতীগৰাকীয়ে পুৰুষৰ সমানে সমানে ৰাজপথত ই-ৰিক্সা চলাইছে।

তেওঁৰ এই সাহসিকতা আৰু সংগ্ৰামী মনোভাৱে সমগ্ৰ ঢকুৱাখনাত আলোচনাৰ বিষয় হৈ পৰিছে। ৰাজশ্ৰীৰ নাম এতিয়া সকলোৰে মুখে মুখে।

তেওঁৰ এই সংগ্ৰামী যাত্ৰাক উৎসাহিত কৰিবলৈ আজি চুতীয়া যুৱ সন্মিলন, অসমৰ এটা সঁজাতি দলে ৰাজশ্ৰীৰ ঘৰত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনায় আৰু দেউতাকৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে।

ৰাজশ্ৰী বৰাৰ এই সংগ্ৰাম সংঘাতৰ যাত্ৰাই প্ৰমাণ কৰে যে কঠিন পৰিস্থিতিৰ মাজতো মানুহে মনোবল আৰু প্ৰেৰণা লাভ কৰিব পাৰে। তেওঁৰ এই অদম্য সাহস আৰু কৰ্মনিষ্ঠাই সহস্ৰজনক প্ৰেৰণা যোগাই আহিছে। ৰাজশ্ৰী বৰাৰ সংগ্ৰামী যাত্ৰা অব্যাহত থাকক। তেওঁৰ দৰে যুৱতীয়ে সমাজৰ বাবে এক উদাহৰণ স্থাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানক লগত লৈ লোকপিয়লৰ দায়িত্ব পালন এগৰাকী মাতৃৰ

লোকপিয়লৰ দায়িত্বৰ সমান্তৰালকৈ পালন কৰিছে মাতৃ হোৱাৰ দায়িত্ব। নিজৰ...

তিব্বত বানৰ ভয়ংকৰ দৃশ্য চীনত প্ৰচাৰ কৰা হোৱা নাই

তিব্বতৰ আৰু নেপালৰ মাজৰ এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বাণিজ্য...

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ ড০ বৰ্ণালী ডেকাৰ

অসমৰ প্ৰশাসনিক ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি...

বিশ্বকাপ জয়ৰ পাছতো দলৰ পৰা বাদ! নিৰ্বাচকৰ সিদ্ধান্তত হতাশ SKY

T-20 বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে...