গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শুভ সংবাদ। Constitute Board of Quality Council of Indiaৰ তৰফৰ পৰা GMCH-এ লাভ কৰিছে ৰাষ্ট্ৰীয় স্বীকৃতি।

২০২৬ চনৰ ২৯ মে’ তাৰিখৰ পৰা চাৰি বছৰৰ বাবে চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি ব’ৰ্ডে এই প্ৰমাণ পত্ৰ প্ৰদান কৰিছে।

১৫ আৰু ১৬ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে আৰম্ভ হোৱা মূল্যায়ন প্ৰক্ৰিয়াৰ পাছত এই স্বীকৃতি লাভ কৰিছে GMCH-এ।

এই স্বীকৃতিৰ ফলত এতিয়া GMCHৰ প্ৰতিটো বিভাগ, বিশেষকৈ ৰেডিঅ’লজী বিভাগে সময়মতে সেৱা আগবঢ়াবলৈ সক্ষম হ’ব। ৰোগীসকলে পূৰ্বতকৈ বহু কম সময়ৰ ভিতৰতে ৰিপ’ৰ্ট লাভ কৰিব পাৰিব। ইয়াৰ ফলত ৰোগীসকলৰ বাবে বিশেষ সুবিধা হ’ব।

বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত সংবাদ মেলত এই কথা জানিবলৈ দিয়ে GMCHৰ অধ্যক্ষ ড° অচ্যুত বৈশ্যই। উপস্থিত আছিল অধীক্ষক ড° দেৱজিৎ চৌধুৰী আৰু ৰেডিঅ’লজী বিভাগৰ মুৰব্বী অধ্যাপক ড° দিপু ভূঞা।

এই স্বীকৃতিয়ে GMCHৰ সেৱা আৰু গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই সাফল্য অসমৰ স্বাস্থ্য খণ্ডৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ; জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি পুনৰ স্পষ্ট ঘোষণা ভাৰতৰ

জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে। জম্মু-কাশ্মীৰ...

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...