চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ চেম্পিয়ন আৰ্জেন্টিনা। লিয়’নেল মেছিক চোৱাৰ বাবে ফুটবলপ্ৰেমীসকলৰ ধৈৰ্য চৰম সীমাত উপনীত হৈছে। মেছিক এবাৰ চকুৰে দেখাৰ বাবে আৰ্জেন্টিনা দলৰ হোটেলৰ সন্মুখত অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে।
আলজেৰিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচৰ বাবে প্ৰশিক্ষক লিয়’নেল স্কালোনি অন্তিম মুহূৰ্তৰ ৰণকৌশলত ব্যস্ত আছে।
স্বস্তিৰ খবৰ হ’ল, গোলৰক্ষক এমিলিয়ানো মাৰ্টিনেজ আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ খেলপথাৰলৈ উভতি আহিবলৈ সাজু হৈছে। আৰ্জেন্টিনাৰ বিশ্বজয়ী প্ৰশিক্ষকজনে তেওঁক প্ৰথম একাদশত ৰখাৰ ইংগিত দিছে।
স্কালোনিয়ে কৈছে, ‘‘আমি শান্ত হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। এটা অতি শক্তিশালী দলৰ বিৰুদ্ধে আমি খেলিব লাগিব। আমি ঠিক ঠাইতে আছোঁ। সকলোৱে দেশৰ বাবে নিজৰ সৰ্বস্ব দিবলৈ সাজু। ফলাফলৰ কথা ভাবি চাপত নপৰিবলৈ বিচাৰোঁ। নিজৰ লক্ষ্যৰ প্ৰতি অবিচল থাকিব বিচাৰোঁ।’’
তেওঁ আৰু কৈছে, ‘‘মেছি একেবাৰে ঠিক হৈ আছে। তেওঁ আমাৰ দলৰ বাবে অপৰিহাৰ্য। তেওঁ অতি ভাল ছন্দত আছে। তেওঁৰ সন্মুখত অতি গুৰুত্বপূৰ্ণ কাম আছে। বাকী খেলুৱৈ সকলো প্ৰথমখন খেলৰ বাবে সাজু। সৰু-সুৰা আঘাতৰ সমস্যাবোৰ আমি আঁতৰাই পেলাইছোঁ।’’ মাৰ্টিনেজৰ বিষয়ে স্কালোনিয়ে কৈছে, ‘‘তেওঁ একেবাৰে ঠিক হৈ আছে। মোৰ বিশ্বাস তেওঁ খেলিব। সকলো ঠিকমতে আগবাঢ়িছে।’’
আৰ্জেন্টিনাৰ জাৰ্চি পিন্ধি খেলপথাৰত নামিলেই এটি ঐতিহাসিক মাইলফলক স্পৰ্শ কৰিব লিয়’নেল মেছিয়ে। দেশৰ হৈ ২০০সংখ্যক খেলখন খেলিব মেছিয়ে। স্বাভাৱিকতে আৰ্জেন্টিনাৰ অধিনায়কজনক লৈ ফুটবলপ্ৰেমীসকলৰ উন্মাদনা চৰমত।
স্কালোনিয়ে কৈছে, ‘‘কেৱল আৰ্জেন্টিনাবাসী নহয়, সমগ্ৰ বিশ্ববাসীয়ে মেছিক খেলপথাৰত চাবলৈ অপেক্ষা কৰি আছে। মেছিৰ প্ৰভাৱ কেৱল আৰ্জেন্টিনাতেই নহয়, সমগ্ৰ বিশ্বতে। তেওঁ সদায় দলৰ লগত থাকে আৰু আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।’’
আৰ্জেন্টিনা আৰু মেছিক লৈ বিশ্বকাপত উত্তাপ বঢ়িছে। হোটেলৰ সন্মুখত ভিৰ কৰা অনুৰাগীসকলক হতাশ নকৰি মেছিয়ে শুভেচ্ছা গ্ৰহণ কৰিছে। কেইছেকেণ্ডমানৰ বাবে মেছিক দেখি শতাধিক অনুৰাগী উচ্ছ্বাসত ফাটি পৰিছে।
