কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰেছক্ৰিপছন অবিহনে গ্ৰাহকে কিনিব নোৱাৰিব কোনো ধৰণৰ চিৰাপ। কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন। ড্ৰাগছ (পঞ্চম সংশোধনী) নিয়ম ২০২৬ৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। ইতিমধ্যে মঙলবাৰৰ পৰা দেশত বলৱৎ হৈছে এই নিৰ্দেশনা। কফ চিৰাপক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ২ বছৰৰ কম বয়সৰ শিশুৰ বাবে ইতিমধ্যে নিষিদ্ধ কৰা হৈছে কফ ছিৰাপ। উল্লেখ্য যে কফ চিৰাপৰ বাবেই যোৱা বছৰ মধ্যপ্ৰদেশত মৃত্যু হৈছিল ২২ টি শিশুৰ। উজবেকিস্তানসহ বহু দেশত ভাৰতৰ কফ চিৰাপ খাই মৃত্যু হৈছিল শিশুৰ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল

এটা আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল। পিতৃয়ে...

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...