ট্ৰাম্পে হয়তো ফাইনেলৰ দিনটিত বিশ্বকাপৰ পৰম্পৰা ভংগ কৰিব, আনকি FIFAয়ো আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ইচ্ছাত আপত্তি নকৰিব!

বিশ্বকাপ ফাইনেলৰ দিনা এটি বিশেষ পৰম্পৰা ভাঙিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ফিফাৰ সভাপতি জিয়ান্নি ইনফান্তিনোৰ ঠাইত ট্ৰাম্পে নিজেই চেম্পিয়ন দলৰ হাতত বিশ্বকাপৰ ট্ৰফী তুলি দিব পাৰে।

আমেৰিকাৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ট্ৰাম্পে পুৰস্কাৰ বিতৰণৰ পৰম্পৰা ভাঙি নিজেই ট্ৰফী তুলি দিব বিচাৰিলে ফিফাই কোনো আপত্তি নকৰে। ফিফাৰ নিয়ম অনুসৰি ৰাষ্ট্ৰপ্ৰধান হিচাপে ট্ৰাম্পৰ বিশ্বকাপ স্পৰ্শ কৰাৰ অধিকাৰ আছে। সেই সুযোগ তেওঁ গ্ৰহণ কৰিব পাৰে।

সাধাৰণতে বিশ্বকাপ ফাইনেলৰ পুৰস্কাৰ বিতৰণী মঞ্চত ফিফাৰ কৰ্তৃপক্ষৰ বাহিৰে ৰাষ্ট্ৰপ্ৰধান বা অন্য অতিথি নাথাকে। কিন্তু এইবাৰ ট্ৰাম্প মঞ্চত উপস্থিত থাকিব পাৰে। ফিফাই আয়োজক তিনি দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলক আমন্ত্ৰণ জনাইছে। ট্ৰাম্পৰ মঞ্চত উপস্থিতি এতিয়াও নিশ্চিত নহ’লেও, তেওঁ থাকিব বিচাৰিলে ফিফাই আপত্তি নকৰিব বুলি সূত্ৰত প্ৰকাশ।

ইয়াৰ পূৰ্বে ক্লাব বিশ্বকাপ ফাইনেলত ট্ৰাম্পে নিজেই ট্ৰফী তুলি দিছিল। চেলচি অধিনায়ক ৰিছ জেমছৰ হাতত ট্ৰফী তুলি দিয়াৰ সেই ঘটনাই ফুটবল বিশ্বক বিস্মিত কৰি তুলিছিল। সেই নজিৰ অনুসৰি বিশ্বকাপ ফাইনেলতো প্ৰায় ১০০ বছৰীয়া পৰম্পৰা ভাঙি পাৰে বুলি ধাৰণা কৰা হৈছে।

প্যাৰাগুৱেৰ বিৰুদ্ধে আমেৰিকাৰ প্ৰথমখন মেচ চাবলৈ ট্ৰাম্প ষ্টেডিয়ামলৈ অহা নাছিল। কিন্তু দেশৰ মাটিত অনুষ্ঠিত বিশ্বকাপৰ বহু খেলত তেওঁ উপস্থিত থাকিব পাৰে বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...