আদানি এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ নবী মুম্বাই আৰু গুৱাহাটী বিমানবন্দৰলৈ প্ৰী ভেৰ্চাইলছ’ৰ বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ স্বীকৃতি

দুয়োটা বিমানবন্দৰ ২০২৬ বৰ্ষৰ প্ৰী ভেৰ্চাইলছৰ তালিকাত স্থানভুক্ত
প্ৰথমবাৰৰ বাবে ভাৰতৰ দুটাকৈ বিমানবন্দৰৰ স্থান লাভ এই মৰ্যাদাপূৰ্ণ তালিকাত

ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বিমানবন্দৰ ব্যৱস্থাপন সংস্থা আদানী এয়াৰপৰ্ট হোল্ডিংস লিমিটেডক বিশ্বৰ অন্যতম প্ৰসিদ্ধ স্থাপত্য আৰু আৰ্হি বঁটা ‘প্ৰি ভেৰ্চাইলছ’ৰ দ্বাৰা সন্মানিত কৰা হৈছে। নবী মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰ আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ টাৰ্মিনেল ২য়ে ২০২৬ বৰ্ষৰ বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে। এই স্বীকৃতিয়ে বিমানবন্দৰ দুটাৰ উৎকৃষ্ট নিৰ্মাণ শৈলী, বহনক্ষমতা আৰু যাত্ৰী অনুকুল পৰিকল্পনাক মান্যতা প্ৰদান কৰে।

প্ৰী ভেৰ্চাইলছ হৈছে স্থাপত্য আৰু আৰ্হিৰ ক্ষেত্ৰত প্ৰদান কৰা এক বিশিষ্ট বাৰ্ষিক গোলকীয় বঁটা। এই বঁটা ২০১৫ চনৰ পৰা পেৰিছত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত প্ৰদান কৰি অহা হৈছে। এই বঁটাই শেহতীয়াকৈ মুকলি কৰা নতুন বিমানবন্দৰ আৰু নতুন টাৰ্মিনেলসমূহক তেওঁলোকৰ সমসাময়িক সৃষ্টিৰ বাবে পুৰস্কৃত কৰে। এই কথাই প্ৰতিপন্ন কৰে যে আজিৰ বিমানবন্দৰসমূহে পৰম্পৰাগত ধাৰাৰ পৰা আঁতৰি বিশ্বৰ এক চহকী আৰু অধিক সামঞ্জস্যপূৰ্ণ ৰূপ দাঙি ধৰিছে। নৱী মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ লগতে আন পাঁচটা আন্তৰ্জাতিক বিমানবন্দৰকো এই তালিকাত স্থান দিয়া হৈছে। ইয়াৰ যাৰ ভিতৰত আছে চীনৰ গুৱাংঝু, জাৰ্মানীৰ ফ্ৰাংকফৰ্ট এম মেইন, কম্বোডিয়াৰ কান্দাল ষ্টুৱেং, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিটচবাৰ্গ আৰু ছান ডিয়েগো।

নবী মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰৰ টাৰ্মিনেল ১ক ইয়াৰ ব্যতিক্ৰমী পদুম ফুলৰ দ্বাৰা অনুপ্ৰাণিত স্থাপত্যশৈলী, অত্যাধুনিক আৰ্হি আৰু প্ৰযুক্তি, কলা তথা কাৰ্যক্ষমতাৰ সুন্দৰ সংমিশ্ৰণৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছে। এক বিশ্বমানৰ প্ৰৱেশদ্বাৰ গঢ়ি তোলা এই বিমানবন্দৰে আধুনিক ভাৰতৰ গোলকীয় অৰ্থনীতিকেন্দ্ৰিক আকাংক্ষাক প্ৰতিফলিত কৰে।

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ এক জীৱন্ত সংযোগস্থলত অৱস্থিত আৰু ই উত্তৰ পূব ভাৰতৰ এক ঐতিহাসিক প্ৰৱেশদ্বাৰ ৰূপে কাম কৰে।

উত্তৰ পূব ভাৰত ইয়াৰ মনপৰশা পাৰিপাৰ্শ্বিক বৈচিত্ৰ্য আৰু সজীৱ খিলঞ্জীয়া ঐতিহ্যৰ বাবে বিশ্বজুৰি প্ৰসিদ্ধ। এই বিমানবন্দৰৰ টাৰ্মিনেল ২ৰ স্থাপত্যশৈলী বাঁহ অৰ্কিডৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দ্বাৰা অনুপ্ৰাণিত। ই উচ্চ কাৰিকৰী দক্ষতা আৰু বহনক্ষম গাঁথনিৰ জৰিয়তে এই অঞ্চলৰ চহকী জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে।

আদানী এয়াৰপৰ্ট হোল্ডিংস লিমিটেডৰ মুখপাত্ৰগৰাকীয়ে মনৰ ভাৱ ব্যক্ত কৰে – “আমাৰ বিমানবন্দৰসমূহে বিশ্বমঞ্চত স্বীকৃতি লাভ কৰা দেখি আমি অতিশয় আনন্দিত হৈছো। ভাৰতক বিশ্বৰ অগ্ৰণী বিমান পৰিবহণ বজাৰসমূহৰ ভিতৰত স্থান দিব পৰাকৈ বিশ্বমানৰ সেৱা আগবঢ়াবলৈ আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ। আদানী এয়াৰপৰ্টছত আমি বিমানবন্দৰসমূহক জনসাধাৰণ আৰু অঞ্চলসমূহক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গণ্য কৰো। ‘প্ৰি ভেৰ্চাইলছ’ বঁটাৰ দ্বাৰা নবী মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰ আৰু গুৱাহাটী বিমানবন্দৰলৈ প্ৰদান কৰা স্বীকৃতিয়ে আমাৰ লক্ষ্যক প্ৰমাণিত কৰে। যাৰ উদ্দেশ্য হৈছে কাৰ্যক্ষমতা, বহনক্ষমতা আৰু কাৰ্য্যকৰী দক্ষতাৰ সৈতে স্থাপত্যৰ উৎকৃষ্টতাৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বোত্তম পৰ্যায়ৰ সৈতে সমকক্ষ আন্তঃগাঁথনি গঢ়ি তোলা।”

প্ৰী ভেৰ্ছাইলছ বঁটাৰ লক্ষ্য হৈছে এক বুদ্ধিমত্তাপূৰ্ণ বহনক্ষমতাক প্ৰসাৰিত কৰা। য’ত সংস্কৃতিয়ে পৰিৱেশৰ ধাৰণাটোক অৰ্থ প্ৰদান কৰে আৰু ইয়াক এক উচ্চ পৰ্যায়লৈ লৈ যায়। ২০২৬ চনৰ শেষৰ ফালে এই তালিকাখনৰ পৰা তিনিটা বিমানবন্দৰ বা বিমানবন্দৰ টাৰ্মিনেলক এক গোলকীয় খিতাপো প্ৰদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...