গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা
অনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব জন আন্দোলনঃ ড° ননীগোপাল মহন্ত
ৰাষ্ট্ৰীয় শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এন চি ই আৰ টিৰ দ্বাৰা গুৱাহাটী বিশ্ববিদ্যালয়, এন চি টি ই আৰু এচ চি ই আৰ টিৰ সহযোগত ভাৰত চৰকাৰৰ উল্লাস কাৰ্যক্ৰমৰ এক এদিনীয়া দিকদৰ্শন কাৰ্যসূচী যোৱা ২০ জানুৱাৰী তাৰিখে অনুষ্ঠিত হয়। অসমৰ ডায়েটসমূহ তথা শিক্ষক শিক্ষা মহাবিদ্যালয়সমূহৰ ১৩০ গৰাকী অংশগ্ৰহণেৰে অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° ননীগোপাল মহন্তই। তেখেতৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে আমাৰ অসমৰ গাৱে ভুয়ে এনে বহু শিক্ষিত লোক আছে যি অনাখৰী হ’লেও কিন্তু তেখেতসকলৰ জ্ঞান বীক্ষাৰে তথা শ্ৰীমন্ত শংকৰদেৱৰ সামাজিক শিক্ষাৰে সমগ্ৰ সমাজত এক গুৰুত্বপূৰ্ণ সামাজিক কথকতাৰে আজিও সুন্দৰকৈ সমাজ পৰিচালিত হৈ আছে, এয়াই অসমৰ বিশেষ মহত্ত্ব । এতিয়া আমাৰ কাম হৈছে ভাৰত চৰকাৰৰ উল্লাস কাৰ্যক্ৰমৰ জৰিয়তে সকলো অনাখৰী লোক সাক্ষৰ কৰি গঢ়ি তুলিবলৈ এক জন আন্দোলনৰ সূচনা কৰা।

কালিৰ এই কাৰ্যসূচী আদৰণি ভাষণ প্ৰদান কৰি ন’ডেল সমন্বয়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক যোগেন চন্দ্ৰ কলিতাই জনায় যে ১৫ বছৰৰ পৰা ততোধিক বয়সৰ লোকসকলক এই জন আন্দোলনত চামিল কৰি আমি ‘উল্লাস’ কাৰ্যক্ৰম সফল কৰি তুলিব লাগিব। এন চি ই আৰ টিৰ তৰফৰ পৰা অধ্যাপক ড° উষা শৰ্মাই এই জন আন্দোলনত অসমৰ শিক্ষক শিক্ষা প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ কথা দোহাৰে। এই অনুষ্ঠানতে উপস্থিত থাকি উত্তৰ পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান শ্বিলঙৰ অধ্যাপক ড° সুভাষ চন্দ্ৰ ৰয়ে কয় যে বিশ্ববিদ্যালয়,ডায়েট তথা শিক্ষক শিক্ষা কলেজ আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীসকলক এই স্বেচ্ছাসেৱী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উদ্ধুদ্ধ কৰিব। অনুষ্ঠানত উপস্থিত থকা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ সঞ্চালক ড° জয়ন্ত কুমাৰ শৰ্মাই অসমক পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তথ্যসমৃদ্ধ ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানৰ স্থানীয় সমন্বয়ক তথা ডায়েট কামৰূপৰ প্ৰৱক্তা ড° শিৰোমণি ভূঞাই শৈক্ষিক সত্ৰত জনাই যে অসমত প্ৰতিটো চুবুৰীত চুবুৰীয়া নিৰক্ষৰজনক প্ৰত্যেক সাক্ষৰ লোকে উল্লাস কাৰ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব। এই অনুষ্ঠানত এচ চি ই আৰ টিৰ সহকাৰী সঞ্চালক মনস্বী গোহাঁয়ে শলাগৰ শৰাই আগবঢ়াই। অন্যান্য শৈক্ষিক সত্ৰসমূহ পৰিচালনা কৰে এন চি ই আৰ টিৰ চি এন চি এলৰ জ্যেষ্ঠ প্ৰালোচক ড° মনালিছা পাল আৰু সিদ্ধান্ত সিঙে। ‘উল্লাস’ৰ এই অনুষ্ঠানটোৰ এংকৰ হিচাপে কৰ্ম সম্পাদন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মদন মোহন মালব্য শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড° তবচ্চুম ৰিজ্ভিয়ে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ড° চন্দন কুমাৰ গোস্বামী প্ৰমুখ্যে শিক্ষা বিভাগৰো বহুকেইজন জ্যেষ্ঠ অধ্যাপক উপস্থিত থাকে। অনুষ্ঠানটো পৰিচালনাত সহযোগ আগবঢ়াই ডায়েটৰ প্ৰবক্তা ড° হিমাংশু গোস্বামী, সদৌ অসম ডায়েট বিষয়া সন্থাৰ সম্পাদক ড° ৰিতুপৰ্ণ মহন্ত, উল্লাসৰ ৰাজ্যিক প্ৰালোচক ড° ৱাজিদাই। এই দিকদৰ্শন কাৰ্যসূচীয়ে অসমত ‘উল্লাস’ কাৰ্যক্ৰম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক সাংগঠনিক ভেটি নিৰ্মাণ কৰিব বুলি অনুষ্ঠানটোৰ সমন্বয়ক যোগেন চন্দ্ৰ কলিতাই আশা প্ৰকাশ কৰে।
