বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ খুন্দাত এগৰাকী যুৱতীৰ, সংকটজনক অৱস্থাত এজন যুৱকক GMCHত ভৰ্তি কৰোৱা হৈছে এজন যুৱকক। নিহত যুৱতীগৰাকী বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ। আনফালে আহত যুৱকজন দেৰগাঁৱৰ অচ্যুৎ বৰুৱা।

শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে GMCHত উপস্থিত হয় মৃত লুনা ভৰদ্বাজৰ পৰিয়ালৰ লোক। কিন্তু মৃত্যুৰ পাছত যুৱতীগৰাকীৰ মৃতদেহ লৈ যাবলৈও GMCHত ৱাৰ্ডবয় নাপালে পৰিয়ালৰ লোকে। উপায়ন্তৰ হৈ ভিনিয়েকেই কঢ়িয়াবলগীয়া হ’ল খুলশালীয়েক লুনাৰ মৃতদেহ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি বৃহস্পতিবাৰে যুৱতীগৰাকীলৈ আহিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ। কিন্তু চাকৰিত যোগদান কৰাৰ সপোনটো আধৰুৱা হৈয়েই ৰ’ল যুৱতীগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...