চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা বিশ্বৰ অতি সন্মানজনক ৱৰ্ল্ড ইক’নমিক ফ’ৰামত (ডব্লিউ ই এফ) অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্রতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে এই সুযোগ প্রদান কৰিছে। পূৰ্বে দেশৰ আগশাৰীৰ ৰাজ্যসমূহে এই ৱর্ল্ড ইক’নমিক ফ’ৰামত ভাৰতক প্রতিনিধিত্ব কৰি আহিছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্রদান কৰিছে। এই সন্মিলনত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই অহা ১৯ জানুৱাৰীত ডাভোছলৈ যাব আৰু তাত চাৰিদিন থাকি বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ চি ই অ’, বিশ্ব বেংক, আন্ত:ৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ সৈতে হ’বলগীয়া ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অসমক প্রতিনিধিত্ব কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই হ’ব ৱর্ল্ড ইক’নমিক ফ’ৰামত অংশ লোৱা প্রথমগৰাকী অসমীয়া।

    উল্লেখ্যযোগ্য যে যিকোনো ৰাজ্য, উদ্যোগ প্রতিষ্ঠান বা দেশে ৱর্ল্ড ইক’নমিক ফ’ৰামত সঠিক বক্তব্য উপস্থাপন কৰিব পাৰিলে বিশ্বৰ প্ৰসিদ্ধ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ থাকে। এডভান্টেজ আছাম সন্মিলনৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰীৰ ডাভোছত ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্রহণে অসমৰ বিনিয়োগ, অর্থনীতি আদি বিষয়ত এক নিশ্চিত ৰূপত বিশেষ প্রভাৱ পেলাব। ৱর্ল্ড ইক’নমিক ফ’ৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। এইবেলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি ভিন্ন দেশৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব। এইক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই তালিকাত অন্তর্ভুক্ত কৰাত নৱবৰ্ষৰ আৰম্ভণিতে এক ভাল খবৰ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে পাঁচদিনীয়া এই সন্মিলনখনত অসম তথা ভাৰতৰ অন্তর্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি উন্নয়নৰ বিভিন্ন বিষয় উপস্থাপন কৰা হ'ব। ইতিমধ্যে ভাৰতৰ দ্ৰুত অর্থনৈতিক বিকাশে বিশ্বজুৰি সকলোৰে দৃষ্টি আকর্ষণ কৰি আহিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ ক্ষিপ্ৰ উন্নয়ন আৰু সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ দিশত লোৱা পদক্ষেপে উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছে। তেনে প্ৰেক্ষাপটত এইবাৰ অসমেও সেই সুযোগ লাভ কৰিব। আনহাতে গুৰুত্বপূৰ্ণ ক্ষেত্রসমূহত উল্লেখযোগ্য অগ্রগতিৰ সৈতে বিশ্ব মঞ্চত আগশাৰীৰ শক্তি হিচাপে ভাৰতে নিজৰ স্থান অধিক দৃঢ় কৰি তুলিছে আৰু অসমেও এক দিশত মুখ্য ভূমিকা গ্রহণ কৰিব পাৰে। ৰাজ্যৰ উন্নয়নত নতুন মাত্ৰা প্ৰদানৰ বাবে মুখ্যমন্ত্রীয়ে ভিন্ন পৰিকল্পনা ফ’ৰামত উপস্থাপন কৰি অসমক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিব। মুখ্যমন্ত্রীৰ এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগকাৰীক আকর্ষিত কৰা, স্থায়ী উন্নয়ন আৰু প্রযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত অসমক আগশাৰীলৈ নিয়াৰ দিশত নিশ্চিত পদক্ষেপ ল’ব।

  মুখ্যমন্ত্রীয়ে ফ’ৰামত ১৭খনতকৈও অধিক বৈঠকত অংশ ল'ব আৰু বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎমুখী পৰিকল্পনা প্ৰস্তুত, কৰ্মশক্তিৰ সুৰক্ষা, ভ্রমণ আৰু পর্যটন-১০ ট্রিলিয়ন ডলাৰৰ সম্ভাৱনামূলক গন্তব্যস্থলী, স্বাস্থ্য আৰু স্বাস্থ্য সেৱা মঞ্চকে ধৰি চাৰিখনকৈ আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব। তেওঁ ভাৰতৰ দ্ৰুত অৰ্থনৈতিক ৰূপান্তৰৰ অংশ হিচাপে অসমৰ উদ্যোগিক অগ্রগতি, বিনিয়োগৰ সুযোগ আৰু সাফল্যৰ বিভিন্ন তথ্য উপস্থাপন কৰিব। বিশ্বৰ অন্যতম সর্ববৃহৎ বাণিজ্য সম্মিলনত মুখ্যমন্ত্রীয়ে বিদেশৰ বহু উদ্যোগপতিৰ সৈতে একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰো সম্ভাৱনা আছে।

 উল্লেখ্যযোগ্য যে ৱৰ্ল্ড ইক’নমিক ফ’ৰাম এক ‘নন প্রফিট অর্গেনাইজেশ্যন’ আৰু এই সংস্থা প্ৰতিষ্ঠা হৈছিল ১৯৭১ চনত । ই প্ৰকৃততে বিশ্বৰ সৰ্ববৃহৎ কার্যকৰী বাণিজ্যিক সম্মিলন। আনহাতে ই বাণিজ্যতে সীমাবদ্ধ নহয়, ইয়াৰ পৰিসৰ অধিক ব্যাপক। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বজুৰি ভূ-ৰাজনীতি, শিক্ষা-প্রযুক্তি, আর্থিক নীতি, বিনিয়োগ আদিৰে সমৃদ্ধ কৰি বিশ্বৰ অর্থনৈতিক বিকাশ সুনিশ্চিত কৰা তথা সামৰি লোৱা।                 

অসমৰ লগতে এইবাৰ ভাৰতবৰ্ষৰ পৰা আন নখন ৰাজ্যয়ো অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে, য’ত পাঁচগৰাকী মুখ্যমন্ত্রী আৰু চাৰিজন কেন্দ্রীয় মন্ত্রীয়ে অংশগ্রহণ কৰিব। ‘স্পিৰিট অৱ ডায়লগ’ বিষয়বস্তুৰে ইক’নমিক ফ’ৰামৰ এই সংস্কৰণত অসমে নিজৰ প্ৰকল্প আৰু ধাৰণা ইয়াত উপস্থাপন কৰিবলৈ পোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ দ্বাৰা অসমত নতুন বিনিয়োগ, ছেমি কণ্ডাক্টৰৰ দৰে নতুন প্রকল্প আৰু যুৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি আদিকে ধৰি ভিন্ন দিশেৰে অসম সমৃদ্ধ হ’ব। তদুপৰি ভাৰতৰ লগতে এই ফ’ৰামত বিশ্বৰ আন প্রায় ৫০খন দেশেও ভাগ ল’ব। মুখ্যমন্ত্ৰীৰ ডাভোছৰ সন্মিলনত অংশগ্রহণে ভৱিষ্যতৰ দিনত অসমে নিশ্চিতভাৱে গ্লোবেল ইনভেষ্টমেন্ট হাবৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...